إعدادات العرض
তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে।
তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে।
মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি এটা বৃহৎ বিষয়ে প্ৰশ্ন কৰিছা। এইটো তাৰ বাবে অতি সহজ, যাৰ বাবে আল্লাহে সহজ কৰি দিয়ে। তুমি আল্লাহৰ ইবাদত কৰা, তেওঁৰ লগত আনক অংশীদাৰ নকৰিবা, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজানৰ চওম পালন কৰা আৰু (কা'বা) ঘৰৰ হজ্জ কৰা। তাৰ পিছত তেখেতে ক’লে: মই তোমালোকক কল্যাণৰ দুৱাৰ নেদেখুৱামনে? চওম হৈছে ঢাল, ছাদাকাই গুনাহক নিঃশেষ কৰি দিয়ে, যেনেকৈ পানীয়ে জুইক নুমাই দিয়ে; লগতে গভীৰ ৰাতিত ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তাৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: تتجافي جنوبهم عن المضاجع পৰা يعلمون লৈকে। অৰ্থ: তেওঁলোকৰ শৰীৰ বিছনাৰ পৰা পৃথক থাকে। তেওঁলোকে ভয় আৰু আশাৰে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে ব্যয় কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে, তেওঁলোকৰ কৃতকৰ্মৰ পুৰষ্কাৰ স্বৰূপে! [ছুৰা আচ-ছাজদাহ: ১৬-১৭] তেখেতে আকৌ ক’লে: মই তোমাক কৰ্মৰ মূল আৰু ইয়াৰ স্তম্ভ লগতে ইয়াৰ সৰ্বোচ্চ শিখৰ সম্পৰ্কে নজনামনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে জনাওক। তেখেতে ক’লে: কৰ্মৰ মূল হৈছে ইছলাম, ইয়াৰ স্তম্ভ হৈছে ছালাত আৰু ইয়াৰ সৰ্বোচ্চ শিখৰ হৈছে জিহাদ। তাৰ পিছত তেখেতে ক’লে: মই তোমাক এইবোৰ আয়ত্তত ৰখাৰ উপায় নকমনে? মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! অৱশ্যে কওক। তেখেতে নিজৰ জিভাক ধৰি ক’লে: ইয়াক সংযত ৰাখিবা। মই সুধিলোঁ: হে আল্লাহৰ নবী! আমি যি কওঁ তাৰ হিচাপ হ’ব নেকি? তেখেতে ক’লে: তোমাৰ মাকে তোমাক হেৰুৱাওক, হে মু'আজ! জিভাৰ উৎপন্ন ফচলৰ বাহিৰে আন কিবা এনেকুৱা আছে নেকি যিটোৱে মানুহক মুখ চুঁচৰি জাহান্নামৰ জুইত নিক্ষেপ কৰে?
الترجمة
العربية Español አማርኛ English اردو Indonesia বাংলা Français Türkçe Русский Bosanski සිංහල हिन्दी 中文 فارسی Tiếng Việt Tagalog Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் ไทย Deutsch پښتو Shqip Nederlands ગુજરાતી Кыргызча नेपाली Lietuvių دری Српски тоҷикӣ Kinyarwanda Română Magyar Čeština Moore Malagasy Oromoo ಕನ್ನಡ Wolof Azərbaycan O‘zbek Українська ქართული Македонски ភាសាខ្មែរ ਪੰਜਾਬੀ मराठी Kirundi Kurmancî Bahasa Melayuالشرح
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এবাৰ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ, এদিনাখন পুৱাৰ ভাগত আমি গৈ থকা অৱস্থাতে মই তেখেতৰ ওচৰলৈ আহি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা এটা আমল শিকাই দিয়ক, যিটো কৰিলে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিম, আৰু জাহান্নামৰ পৰা ৰক্ষা পাম। তেখেতে ক'লেঃ তুমি মোক এনেকুৱা এটা ডাঙৰ আমল সম্পৰ্কে সুধিছা, যিটো কৰা নফচৰ বাবে বৰ কঠিন। কিন্তু আল্লাহে যাৰ বাবে সহজ কৰি দিয়ে, তাৰ বাবে সহজ। ইছলামৰ বাধ্যতামূলক ফৰজবোৰ পালন কৰা। প্ৰথমঃ একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। দ্বিতীয়ঃ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ প্ৰতিষ্ঠা কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। তৃতীয়ঃ ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থঃ ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা। পঞ্চমঃ সৰ্বশক্তিমান আল্লাহৰ ইবাদত কৰিবলৈ, হজ্জৰ যাৱতীয় বিধান পালন কৰাৰ উদ্দেশ্যে মক্কালৈ গমন কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক এনেকুৱা পথৰ সন্ধান নিদিমনে? যিটো কল্যাণৰ দুৱাৰ খুলি দিব, সেয়া হৈছে, ফৰজৰ লগতে নফলসমূহ পালন কৰা। প্ৰথমঃ নফল ৰোজা ৰখা। এইটো হৈছে গুনাহত লিপ্ত হোৱাৰ পৰা বাধা প্ৰদানকাৰী প্ৰাচীৰ। ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয়। প্ৰতিৰোধ শক্তি বৃদ্ধি পায়। দ্বিতীয়ঃ নফল চাদাক্বাহ কৰা। ইয়াৰ ফলত গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ দূৰ হয়। তৃতীয়ঃ ৰাতিৰ শেষ তৃতীয়াংশত তাহাজ্জুদ আদায় কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিলেঃ {تتجافى جنوبهم} তেওঁলোকে নিজৰ শৰীৰক আঁতৰত ৰাখে। {عن المضاجع} বিছনাৰ পৰা। {يدعون ربهم} তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰে, নামাজ, জিকৰ-আজকাৰ, তিলাৱত আৰু দুআৰ জৰিয়তে। {خوفا وطمعا ومما رزقناهم ينفقون، فلا تعلم نفس ما أخفي لهم من قرة أعين} ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে! অৰ্থাৎ জান্নাত কি কি নিয়ামত ৰখা হৈছে। {جزاء بما كانوا يعملون} এইবোৰ হৈছে তেওঁলোকৰ আমলৰ প্ৰতিফল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই তোমাক দ্বীনৰ মূল বিষয় সম্পৰ্কে অৱগত কৰামনে? আৰু সেই খুঁটা সম্পৰ্কে যিটোৰ ওপৰত ই নিৰ্ভৰ কৰে? তথা ইয়াৰ উচ্চ শৃংগ সম্পৰ্কে? মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নিশ্চয়, হে আল্লাহৰ ৰাছুল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ইছলামৰ মূল বিষয় হৈছে শ্বাহাদাতাইন (দুটা সাক্ষ্য)। এই দুটাই হৈছে মানুহৰ ধৰ্মৰ মূল। ইয়াৰ খুঁটা হৈছেঃ নামাজ। নামাজ অবিহনে কোনেও মুছলিম হ'ব নোৱাৰে। যিদৰে খুঁটা নোহোৱাকৈ ঘৰ টিকি থাকিব নোৱাৰে। এতেকে যিয়ে নামাজ পঢ়ে তেওঁ নিজৰ দ্বীন শক্তিশালী কৰে আৰু সুউচ্চ কৰে। এইদৰে ধৰ্মৰ উচ্চ শৃংগ হৈছে জিহাদ। আল্লাহৰ কলিমা সুউচ্চ ৰাখিবলৈ ধৰ্মৰ শত্ৰুসকলৰ সৈতে সৰ্বতো প্ৰকাৰে সংগ্ৰাম কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মই তোমাক উপৰোক্ত বিধানবোৰ মজবুতকৈ আয়ত্তত ৰখাৰ উপায় দিমনে? ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জিভাক ধৰি ক'লে, ইয়াক নিয়ন্ত্ৰণত ৰাখিবা, অলাগতিয়াল অপ্ৰয়োজনীয় কোনো কথা নক'বা। মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি কোৱা প্ৰতিটো কথাৰেই মহান আল্লাহে হিচাপ-নিকাচ ল'ব নেকি তথা শাস্তি বিহিব নেকি? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমাৰ মাকে তোমাক হেৰুৱাওক। এইটো কোনো বদ্দুআ নহয়। দৰাচলতে এইটো হৈছে আৰবীয়ানসকলৰ এটা বাকধাৰা, কোনো এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে অৱগত কৰাবলৈ তেওঁলোকে এনেকুৱা প্ৰবাদ বাক্য ব্যৱহাৰ কৰে। ইয়াৰ পিছত তেখেতে কৈছেঃ তুমি নাজানানে যে, জিভাৰ ফচলৰ কাৰণেই মানুহক নাক চুঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ'ব, কুফৰী কৰাৰ কাৰণে, অপবাদ, গালি শপনি, গীবত তথা সমালোচনা, চুগলি আৰু মিছা অভিযোগৰ কাৰণে।فوائد الحديث
জ্ঞান অৰ্জনৰ প্ৰতি চাহাবাসকল খুবেই আগ্ৰহী আছিল। সেইকাৰণে তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বেছি বেছি প্ৰশ্ন কৰিছিল।
চাহাবাসকলে এই কথা ভালদৰেই জানিছিল যে, আমলেই হৈছে জান্নাতত প্ৰৱেশৰ কাৰণ।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে কৰা প্ৰশ্নটো আছিল এটা মহান প্ৰশ্ন। কাৰণ প্ৰকৃততে এইটোৱে হৈছে অস্তিত্ব আৰু জীৱনৰ মূল ৰহস্য। এই পৃথিৱীত থকা প্ৰতিজন আদম সন্তান আৰু জিনৰ শেষ ঠিকনা হৈছে জান্নাত অথবা জাহান্নাম। এতেকে সেই কাৰণে এই প্ৰশ্নটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
ইছলামৰ আৰকানসমূহৰ ওপৰত আমল কৰিলেহে জান্নাতত প্ৰৱেশ কৰা সম্ভৱ। সেয়া হৈছেঃ তাওহীদ, চালাত, যাকাত, চিয়াম আৰু হজ্জ।
দ্বীনৰ সৰ্বোচ্চ শিখৰ, তথা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰা, একমাত্ৰ তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা।
বান্দাসকলৰ প্ৰতি মহান আল্লাহৰ অনুগ্ৰহ যে, তেওঁ বান্দাসকলৰ বাবে কল্যাণৰ দুৱাৰসমূহ খুলি দিয়ে। যাতে তেওঁলোকৰ ছোৱাব বৃদ্ধি হয় আৰু গুনাহ মোচন হয়।
ফৰজসমূহ আদায় কৰাৰ লগতে নফল আদায়ৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰাৰ ফজীলত।
নামাজ হৈছে ইছলামৰ সেই খুঁটিৰ দৰে, যিটোৰ ওপৰত গোটেই তম্বু নিৰ্ভৰ কৰে। যিদৰে তম্বুৰ খুঁটি পৰি গ'লে তম্বু পৰি যায়, ঠিক সেইদৰে নামাজ এৰিলেও ইছলাম গুচি যায়।
দ্বীনি ক্ষেত্ৰত ক্ষতি কৰিব পৰা বিষয়ৰ পৰা জিভাক সুৰক্ষিত ৰখা অনিবাৰ্য।
জিভাক নিয়ন্ত্ৰণত ৰখাটো হৈছে সকলো প্ৰকাৰ কল্যাণৰ মূল।
