ইছলাম

ইছলাম

1- শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে তুমি সিহঁতৰ ওচৰলৈ যোৱাৰ পিছত সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ প্ৰেৰিত ৰাছুল।

5- মোক নিৰ্দেশ দিয়া হৈছে, মই যেন মানুহৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰোঁ যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য প্ৰদান নকৰিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। এইদৰে যেতিয়ালৈকে সিহঁতে নামাজ প্ৰতিষ্ঠা নকৰিব আৰু জাকাত আদায় নকৰিব।

10- চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।