إعدادات العرض
যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে…
যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।"
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული বাংলা Kurdî ไทย Indonesia Nederlands ਪੰਜਾਬੀ Kiswahili Hausa ភាសាខ្មែរ English ગુજરાતી Tagalog Русский मराठी മലയാളംالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে দ্বীনৰ প্ৰকাশ্য বিষয়বোৰ মানি চলিব, যেনে- আমাৰ দৰে নামাজ পঢ়িব, আমাৰ কিবলাৰ ফালে মুখ কৰিব আৰু আমি জবেহ কৰা পশুৰ মাংসক হালাল বুলি মানি ভক্ষণ কৰিব, সেই ব্যক্তিয়ে হৈছে মুছলিম। সেই ব্যক্তিৰ ক্ষেত্ৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা নিৰাপত্তা আৰু অংগীকাৰ আছে। গতিকে তোমালোকে আল্লাহৰ নিৰপত্তা আৰু অংগীকাৰ ভংগ নকৰিবা।فوائد الحديث
ইবনু ৰজবে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, অকল শ্বাহাদাতাইনৰ স্বীকাৰোক্তি দিলেই তেজৰ নিৰাপত্তা সুৰক্ষিত নহয়, যেতিয়ালৈকে ইয়াৰ অধিকাৰসমূহ আদায় নকৰিব। এই অধিকাৰসমূহৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে চালাত। এইকাৰণেই উক্ত হাদীছটোত চালাতৰ কথা বিশেষভাৱে উল্লেখ হৈছে। আন এটা হাদীছত চালাতৰ সৈতে যাকাতকো সংযুক্ত কৰা হৈছে।
মানুহৰ বিষয়বোৰ বাহ্যিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় লোৱা হয়, আভ্যন্তৰীণ বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি নহয়। সেয়ে কোনোবাই যদি দ্বীনৰ প্ৰকাশ্য বিধানবোৰৰ প্ৰতি আমল কৰে, তেন্তে তাক মুছলিম হিচাপে গণ্য কৰা হ'ব আৰু তাৰ ওপৰত মুছলিমসকলৰ বিধি-বিধান প্ৰযোজ্য হ'ব। যেতিয়ালৈকে তাৰ ফালৰ পৰা ইয়াৰ বিপৰীত কোনো বিষয় প্ৰকাশ নাপাব।
ইবনু ৰজবে কৈছেঃ হাদীছটোত কিবলাৰ ফালে মুখ কৰাৰ কথা উল্লেখ কৰি ইংগিত কৰা হৈছে যে, মুছলিমসকলৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবত অনুমোদিত পদ্ধতি অনুসৰি নামাজ আদায় কৰিব লাগিব, অৰ্থাৎ কাবাৰ ফালে মুখ কৰি নামাজ পঢ়িব লাগিব। অন্যথা বাইতুল মাক্বদিছ কিবলা হিচাপে ৰহিত হোৱাৰ পিছতো যদি কোনোবাই সেইফালে মুখ কৰি নামাজ পঢ়ে, যিদৰে ইয়াহুদীসকলে পঢ়ে, অথবা যিদৰে খৃষ্টানসকলে পূৱফালে মুখ কৰি পঢ়ে,- তেন্তে সেই ব্যক্তি মুছলিম নহয়। যদিও সেই ব্যক্তিয়ে তাওহীদৰ সাক্ষ্য প্ৰদান কৰে।
ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, নামাজৰ সময়ত কিবলামুখী হোৱাটো হৈছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ চৰ্ত। তেখেতে নামাজৰ অন্যান্য চৰ্তসমূহ যেনে- পৱিত্ৰতা আদিৰ কথা উল্লেখ নকৰাকৈ বিশেষভাৱে এই চৰ্তটোৰ বিষয়ে উল্লেখ কৰিছে।
ইবনু ৰজবে কৈছেঃ হাদীছটোত মুছলিমসকলৰ জাবীহা খোৱাৰ কথা উল্লেখ হৈছে। ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে যে, ইছলামৰ যাৱতীয় প্ৰকাশ্য বিধি-বিধান পালন কৰা আৱশ্যক। ইয়াৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈছে মুছলিমসকলে জবেহ কৰা পশুৰ মাংস ভক্ষণ কৰা আৰু এই ক্ষেত্ৰত তেওঁলোকৰ সৈতে একমত পোষণ কৰা। যদি কোনোবাই ইয়াৰ বিৰোধিতা কৰে, তেন্তে তেওঁ মুছলিম নহয়।
