إعدادات العرض
পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ…
পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।
নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog اردو 中文 हिन्दी Hausa Kurdî Português සිංහල Svenska ગુજરાતી Yorùbá ئۇيغۇرچە Tiếng Việt Kiswahili پښتو دری Кыргызча or Türkçe नेपाली Čeština Oromoo Română Nederlands Soomaali తెలుగు മലയാളം ไทย Српски Kinyarwanda ಕನ್ನಡ Lietuvių Wolof Українська ქართული Moore Magyar Shqip Македонски Azərbaycan አማርኛالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দয়াদ্ৰতা, সহমৰ্মিতা, সহায়-সহযোগিতা, ক্ষয়-ক্ষতি আদিৰ ক্ষেত্ৰত মুছলিমসকলৰ অৱস্থা এটা শৰীৰৰ নিচিনা হোৱা উচিত। যিদৰে শৰীৰৰ এটা অংগ অসুস্থ হ'লে গোটেই শৰীৰে বিষ অনুভৱ কৰে তথা জ্বৰত কম্পমান হৈ অনিদ্ৰাত ৰাতি কটায়।فوائد الحديث
মুছলিমসকলৰ অধিকাৰ সুৰক্ষিত কৰা উচিত। লগতে হাদীছটোত তেওঁলোকক সহায়-সহযোগিতা কৰিবলৈ, ইজনে সিজনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছে।
মুমিনসকলৰ মাজত মুহাব্বত আৰু সহায়-সহযোগিতাৰ শিষ্টাচাৰ থকা উচিত।
التصنيفات
ইছলাম