إعدادات العرض
মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ…
মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাছিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা,
আবূ নাজীহ ইৰবাজ বিন ছাৰিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক নছিহত কৰিলে, ফলত আমাৰ অন্তৰ প্ৰকম্পিত হ'ল, চকুৰে অশ্ৰু নিগৰি আহিল, আমি নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছুল! এনে লাগিছে যেনিবা এয়া বিদায়কালীন উপদেশ; আপুনি আমাক অছীয়ত কৰক। তেখেতে ক’লে: "মই তোমালোকক মহান আল্লাহক ভয় কৰিবলৈ অছীয়ত কৰোঁ, আৰু (শাসকৰ) আনুগত্য কৰিবলৈ অছীয়ত কৰোঁ; যদিও কোনোবা দাসো তোমালোকৰ শাসক হয় তথাপিও। তোমালোকৰ মাজৰ যিসকলে জীৱিত থাকিব সিহঁতে বহুতো মতবিৰোধ দেখিবলৈ পাব; এতেকে তোমালোকে মোৰ ছুন্নত আৰু হিদায়তপ্ৰাপ্ত খুলাফায়ে ৰাছিদীনৰ পদ্ধতিক মজবুতভাৱে মানি চলিবা, সেইটোক দাঁতেৰে (অৰ্থাৎ মজবুতকৈ) খামোচি ধৰি ৰাখিবা; আৰু (চৰীয়তৰ ক্ষেত্ৰত) নৱাৱিষ্কৃত বিষয় সম্পৰ্কে সাৱধান থাকিবা, কাৰণ (প্ৰত্যেক নতুনত্বৰ হৈছে বিদ'আত,) প্ৰত্যেক বিদ'আতেই হৈছে ভ্ৰষ্টতা।"
الترجمة
العربية Español አማርኛ English اردو Indonesia বাংলা Français Türkçe Русский Bosanski සිංහල हिन्दी 中文 فارسی Tiếng Việt Tagalog Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ ไทย Deutsch پښتو Shqip Nederlands ગુજરાતી Кыргызча नेपाली Lietuvių دری Српски тоҷикӣ Kinyarwanda Română Magyar Čeština Moore Malagasy Oromoo ಕನ್ನಡ Wolof Azərbaycan O‘zbek Українська ქართული Македонски ភាសាខ្មែរ Bambara ਪੰਜਾਬੀ मराठी Kirundi Kurmancî Bahasa Melayuالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি এটা গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিলে, ফলত চাহাবাসকলৰ অন্তৰ ভীত-সন্ত্ৰস্থ হৈ পৰিল আৰু চকু অশ্ৰুসিক্ত হৈ পৰিল। তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! এইটো যেনিবা বিদায়ী ভাষণ, দৰাচলতে তেওঁলোকে ভাষণৰ গুৰুত্ব বুজি এই কথাষাৰ কৈছিল। সেয়ে তেওঁলোকে উপদেশ বিচাৰি আবেদন কৰিলে যাতে তেখেতৰ (মৃত্যুৰ) পিছত সেইমতে জীৱন-যাপন কৰিব পাৰে। তেখেতে ক'লেঃ মই তোমালোকক সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উপদেশ দিওঁ। এই তাক্বৱা অৰ্জন হ'ব তেওঁৰ ওৱাজিবাতসমূহ পালন কৰিলে আৰু তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিলে। শ্ৰৱণ কৰা আৰু আনুগত্য কৰা, অৰ্থাৎ শাসকসকলৰ। যদি কোনো ক্ৰীতদাসেও তোমালোকৰ ওপৰত শাসন কৰে বা ৰাজত্ব কৰে অৰ্থাৎ তোমালোকৰ মাজৰ নিম্ন মানৰ ব্যক্তিও যদি তোমালোকৰ আমীৰ হয় তথাপিও তোমালোকে তেওঁৰ আনুগত্য কৰাত দ্বিধাবোধ নকৰিবা আৰু তেওঁৰ কথা মানি চলিবা, যাতে ফিতনা-ফাছাদ সৃষ্টি নহয়। কাৰণ মোৰ পিছত তোমালোকৰ মাজৰ যিসকলে জীয়াই থাকিব তেওঁলোকে অত্যন্ত মতভেদ দেখিবলৈ পাব। এইখিনি কথা কোৱাৰ পিছত তেখেতে সেই মতভেদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো বৰ্ণনা কৰিছে। অৰ্থাৎ তেখেতৰ আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক খামুচি ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে। খুলাফায়ে ৰাশ্বিদীন অৰ্থাৎ আবু বকৰ চিদ্দীক্ব, ওমৰ ইবনুল খাত্তাব, উছমান বিন আফ্ফান, আলী ইবনে আবি তালিব ৰাদ্বিয়াল্লাহু আনহুম আজমাঈন। আনকি পেষক দাঁতেৰে সেই ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ নিৰ্দেশনা দিছে। লগতে তেখেতে তেওঁলোকক ধৰ্মীয় ক্ষেত্ৰত নতুনত্বৰ (বিদআত)ৰ পৰা সাৱধান কৰিছে। কিয়নো ধৰ্মীয় ক্ষেত্ৰত সকলো প্ৰকাৰ বিদআতেই হৈছে পথভ্ৰষ্টতা।فوائد الحديث
ছুন্নতক মজবুতভাৱে ধাৰণ কৰা আৰু ইয়াক অনুসৰণ কৰাৰ গুৰুত্ব।
ওৱাজ নচীহতৰ প্ৰতি মনোযোগ দিয়া আৰু অন্তৰ কোমল হোৱা।
তেখেতৰ মৃত্যুৰ পিছত চাৰি খুলাফায়ে ৰাশ্বিদীনৰ অনুসৰণ কৰাৰ নিৰ্দেশ দিছে। তেওঁলোক হৈছে, আবু বকৰ, ওমৰ, উছমান আৰু আলী ৰাদ্বিয়াল্লাহু আনহুম।
ধৰ্মত নতুনত্বৰ সৃষ্টি কৰিবলৈ নিষেধ কৰিছে। কাৰণ ধৰ্মীয় প্ৰতিটো বিদআতেই হৈছে পথভ্ৰষ্টতা।
গুনাহ ব্যতীত আমীৰৰ সকলো নিৰ্দেশনা মানি চলিবলৈ গুৰুত্বাৰোপ কৰিছে।
সকলো সময়তে আৰু সকলো অৱস্থাতে সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছে।
এই উম্মতত ইখতিলাফ হোৱাটো নিশ্চিত, কিন্তু ইখতিলাফৰ সময়ত ছুন্নতে ৰাছুল আৰু খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য।
