إعدادات العرض
তোমালোকৰ সৃষ্টি মাতৃগৰ্ভত চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়,
তোমালোকৰ সৃষ্টি মাতৃগৰ্ভত চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়,
আবু আব্দুৰ ৰহমান আব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে— অৰ্থাৎ যিজন সত্যবাদী আৰু যাৰ কথাক সত্য বুলি মানি লোৱা হয়— তেখেতে আমাক কৈছে: "তোমালোকৰ সৃষ্টি মাতৃগৰ্ভত চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিনলৈকে গোটখোৱা তেজৰূপে থাকে, তাৰ পিছৰ চল্লিশ দিনলৈকে মাংস-পিণ্ডৰূপে থাকে, তাৰ পিছত তাৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰা হয়। এতেকে তেওঁ তাৰ মাজত ৰূহ প্ৰৱেশ কৰায় আৰু তেওঁক চাৰিটা বিষয় লিখি দিয়াৰ বাবে আদেশ দিয়া হয়- তাৰ জীৱিকা, বয়স, কৰ্ম আৰু সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া। এতেকে, আল্লাহৰ শপত! যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই-তোমালোকৰ মাজত এজনে জান্নাতবাসীৰ দৰে কাম কৰে, আনকি তাৰ আৰু জান্নাতৰ মাজত কেৱল এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু ইয়াৰ ফলত সি তাত প্ৰৱেশ কৰে। আনহাতে তোমালোকৰ মাজত আন এজন ব্যক্তি জাহান্নামীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে- আনকি তাৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত মান ব্যৱধান থাকে, এনে অৱস্থাত তাৰ (ভাগ্যৰ) লিখনে তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, ফলত সি জান্নাতবাসীসকলৰ দৰে কাম কৰা আৰম্ভ কৰে আৰু সি তাত প্ৰৱেশ কৰে।"
الترجمة
العربية Español አማርኛ English اردو Indonesia বাংলা Français Türkçe Русский Bosanski සිංහල हिन्दी 中文 فارسی Tiếng Việt Tagalog Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ ไทย Deutsch پښتو Shqip Nederlands ગુજરાતી Кыргызча नेपाली Lietuvių دری Српски тоҷикӣ Kinyarwanda Română Magyar Čeština Moore Malagasy Oromoo ಕನ್ನಡ Wolof Azərbaycan O‘zbek Українська ქართული Македонски ភាសាខ្មែរ Bambara ਪੰਜਾਬੀ मराठी Kirundi Kurmancî Bahasa Melayuالشرح
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক হাদীছ বৰ্ণনা কৰিছে, তেখেত হৈছে সত্যবাদী, লগতে তেখেত সত্যবাদী হিচাপে স্বীকৃত, সত্যবাদী হিচাপে আল্লাহে তেখেতক স্বীকৃতি দিছে। তেখেতে কৈছেঃ তোমালোকৰ সৃষ্টিৰ প্ৰথম অৱস্থা একত্ৰিত ৰূপত থাকে। অৰ্থাৎ পুৰুষ এজনে যেতিয়া স্ত্ৰীৰ সৈতে সহবাসত মিলিত হয়, তেতিয়া সেই বিক্ষিপ্ত বীৰ্য নাৰীৰ ৰেহেমত নুতফা আকাৰত ৰখা হয়। ইয়াৰ পিছত দ্বিতীয় চল্লিশ দিনলৈকে জমাট বন্ধা তেজ বা ৰক্তপিণ্ড হিচাপে থাকে। ইয়াৰ পিছত তৃতীয় চল্লিশ দিনলৈকে মুজগাহ হিচাপে বা মাংসপিণ্ড হিচাপে থাকে। এই তৃতীয় চল্লিশ দিন পাৰ হোৱাৰ পিছত আল্লাহে তাৰ ওচৰলৈ এজন ফিৰিস্তা প্ৰেৰণ কৰে, তেওঁ তাৰ মাজত ৰূহ ফুঁ মাৰি দিয়ে বা প্ৰাণ সঞ্চাৰ কৰে। আৰু সেই ফিৰিস্তাজনক চাৰিটা বিষয় লিখিবলৈ নিৰ্দেশ দিয়া হয়, সেয়া হৈছেঃ তাৰ জীৱিকা, অৰ্থাৎ সি জীৱনত কিমান নিয়ামত অৰ্জন কৰিব তথা কিমান পৰিমাণ উপাৰ্জন কৰিব সেয়া লিখি দিয়ে। এইদৰে তাৰ বয়স লিখি দিয়া হয়, অৰ্থাৎ পৃথিৱীত কিমান দিনলৈ জীৱিত থাকিব সেয়া লিখি দিয়া হয়। এইদৰে সি কি কৰ্ম কৰিব সেইটোও লিখি দিয়ে। লগতে সৌভাগ্যৱান হ'ব নে দুৰ্ভগীয়া হ'ব সেই কথাও লিপিবদ্ধ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শপত খাই কৈছে যে, কোনোবাই জান্নাতীসকলৰ দৰে আমল কৰে অৰ্থাৎ নেক আমল কৰে আৰু মানুহৰ দৃষ্টিত তেওঁ এজন পূণ্যৱান মানুহ হিচাপে পৰিগণিত হয়। আনকি সি ধাৰাবাহিকভাৱে এনেকৈ নেক আমল কৰি থাকে, অৱশেষত তাৰ আৰু জান্নাতৰ মাজত যেতিয়া এক হাত পৰিমাণ ব্যৱধান থাকে, তেতিয়া তাৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তাৰ ভাগ্যত লিখা হৈছে, ফলত তেতিয়া সি জাহান্নামীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু সেই কৰ্মৰ ওপৰতেই তাক মোহৰ মাৰি দিয়া হয়, সেয়ে সি জাহান্নামত প্ৰৱেশ কৰে। কাৰণ আমল কবূল হোৱাৰ চৰ্ত হৈছে, সেই পথত অবিচল থকা আৰু গতিপথ পৰিবৰ্তন নকৰা। আন এক প্ৰকাৰ ব্যক্তি হৈছে যিয়ে জাহান্নামীসকলৰ দৰে আমল কৰে, অৱশেষত তেওঁ জাহান্নামত প্ৰৱেশ কৰাৰ উপক্ৰম হয় অৰ্থাৎ তেওঁৰ আৰু জাহান্নামৰ মাজত মাত্ৰ এক হাত পৰিমাণ ব্যৱধান থাকে। তেতিয়া তেওঁৰ ওপৰত ভাগ্যৰ লিখনে প্ৰাধান্য লাভ কৰে যিটো তেওঁৰ ভাগ্যত লিখা হৈছিল। ফলত তেওঁ জান্নাতীসকলৰ দৰে আমল কৰা আৰম্ভ কৰে আৰু অৱশেষত জান্নাতত প্ৰৱেশ কৰে।فوائد الحديث
হাদীছটোত মানৱ সৃষ্টিৰ স্তৰসমূহ বৰ্ণিত হৈছে।
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰিব লাগে।
কৰ্মৰ শেষ পৰিণতি সেইফালেই গতি কৰে যিটো পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছে তথা তাক্বদীৰত লিপিবদ্ধ হৈছে।
আমল দেখি প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ পৰা সতৰ্ক কৰা হৈছে, কাৰণ (জীৱনৰ) সৰ্বশেষ আমলেই হৈছে আচল আমল।
