إعدادات العرض
বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ…
বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।
আব্দুল্লাহ বিন আনামাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আম্মাৰ বিন ইয়াছিৰক দেখিলোঁ, তেওঁ মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়িলে। তেওঁ অতি চুটিকৈ নামাজ পঢ়ি শেষ কৰিলে। তেওঁ ওলাই অহাৰ পিছত, মই তেওঁৰ ওচৰলৈ গৈ সুধিলোঁঃ হে আবু য়াকজান! আপুনি দেখোন খুব চুটিকৈ নামাজ পঢ়িলে। তেওঁ উত্তৰত ক'লেঃ মই নামাজৰ কোনো অংশ হ্ৰাস কৰা তুমি দেখিছা নেকি? মই ক'লোঁঃ নহয়। তেওঁ ক'লেঃ মই চয়তানে পাহৰাই দিয়াৰ আগতেই শেষ কৰিছোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ "বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব পায় দহ ভাগৰ এভাগ, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।"
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული বাংলা Kurdî ไทย Indonesia Nederlands ਪੰਜਾਬੀ Kiswahili Hausa ភាសាខ្មែរ English ગુજરાતી Tagalog Русский मराठी മലയാളംالشرح
হাদীছটোত উল্লেখ হৈছে যে, আম্মাৰ বিন য়াছিৰ ৰাদ্বিয়াল্লাহু আনহুমা মছজিদত প্ৰৱেশ কৰি নফল নামাজ পঢ়িলে আৰু চুটিকৈ নামাজ পঢ়িলে। যেতিয়া তেওঁ মছজিদৰ পৰা ওলাই আহিল, আব্দুল্লাহ বিন আনামা তেওঁৰ ওচৰলৈ গৈ সুধিলে যে, হে আবু য়াকজান! মই আপোনাক দেখিলোঁ আপুনি অত্যন্ত চুটিকৈ নামাজ পঢ়ি গুচি আহিলে। তেতিয়া আম্মাৰে ক'লেঃ তুমি মোক নামাজৰ কোনো এটা ৰুকন, ওৱাজিবাত বা চৰ্ত আদি কিবা এৰি দিয়া দেখিছা নেকি? তেওঁ ক'লেঃ নহয়। ইয়াৰ পিছত আম্মাৰে ক'লেঃ শুনা! চয়তানে মোক অসুবিধা দিয়াৰ আগতেই মই মোৰ নামাজ চুটিকৈ পঢ়ি শেষ কৰিছোঁ। মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ বান্দাই চালাত আদায় কৰে, কিন্তু কোনোবাই চালাতৰ ছোৱাব দহ ভাগৰ এভাগ পায়, কোনোবাই পায় ন ভাগৰ এভাগ, কোনোবাই পায় আঠ ভাগৰ এভাগ, কোনোবাই পায় সাত ভাগৰ এভাগ, কোনোবাই পায় ছয় ভাগৰ এভাগ, কোনোবাই পায় পাঁচ ভাগৰ এভাগ, কোনোবাই পায় চাৰি ভাগৰ এভাগ, কোনোবাই পায় তিনি ভাগৰ এভাগ, এইদৰে কোনোবাই পায় কেৱল অৰ্দ্ধেক ছোৱাব।فوائد الحديث
ছালাফসকলে পৰস্পৰৰ মাজত পৰামৰ্শ আৰু উপদেশ প্ৰদানৰ ক্ষেত্ৰত খুবেই আগ্ৰহী আছিল।
প্ৰতিবাদ তথা বিৰোধিতা কৰাৰ আগতে পৰখ কৰা তথা পৰীক্ষা নিৰীক্ষা কৰি প্ৰশ্ন কৰা জৰুৰী।
প্ৰশ্নৰ উত্তৰত বা সমস্যা সমাধানৰ ক্ষেত্ৰত কেৱল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণীৰ দ্বাৰা প্ৰমাণ কৰাটোৱে যথেষ্ট।
খুশ্বু অ খুজু (বিনয়-ধীৰ স্থিৰতা) আৰু মনোযোগ হ্ৰাস অনুপাতে ছোৱাবো হ্ৰাস হয়।
নামাজত খুশ্বু অ খুজু অৱলম্বন কৰিবলৈ তথা মনোযোগ সহকাৰে তথা উপস্থিত অন্তৰেৰে আল্লাহক স্মৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
