ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম।

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম”। ছহীহ – এই হাদীছটোক আবু দাঊদে বর্ণনা কৰিছে।

[ছহীহ] [ইয়াক আবু দাউদে বৰ্ণনা কৰিছে]

الشرح

অজ্ঞতা যুগত যাদুগ্ৰস্থ ব্যক্তিক যিদৰে চিকিৎসা কৰা হৈছিল সেই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল, উদাহৰণস্বৰূপে যাদুক যাদুৰ দ্বাৰা চিকিৎসা কৰা, এতেকে তেখেতে উত্তৰত ক’লেঃ এইটো হৈছে চয়তানৰ কৰ্ম বা চয়তানৰ মাধ্যমত সংগঠিত হোৱা কৰ্ম। কিয়নো, এইটো সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যাদু আৰু চয়তানী কৰ্মৰ দ্বাৰা সম্পাদন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক তথা হাৰাম। আনহাতে বৈধ নুশ্বৰাহ হৈছে জৰা-ফুঁকাৰ মাধ্যমত অথবা যাদু অনুসন্ধান কৰি সেইটো কোৰআন তিলাৱত কৰি হাতৰ দ্বাৰা বিনষ্ট কৰা অথবা বৈধ ঔষধৰ দ্বাৰা যাদুৰ চিকিৎসা কৰা।

فوائد الحديث

যিকোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাবে আলিমসকলক সোধ-পোচ কৰা উচিত, যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহয়।

অজ্ঞতা যুগৰ লোকসকলে যিদৰে জৰা-ফুঁকা কৰিছিল, সেইদৰে জৰা-ফুঁকা কৰা নিষিদ্ধ। কিয়নো, এইটো হৈছে যাদু, আৰু যাদু হৈছে কুফৰী কৰ্ম।

চয়তানৰ যাৱতীয় কৰ্মই হাৰাম।

التصنيفات

অজ্ঞতা যুগ সম্পৰ্কীয় মাছাইল, শ্বিৰ্ক