إعدادات العرض
মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে।
মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
الترجمة
العربية Español አማርኛ English اردو Indonesia বাংলা Français Türkçe Русский Bosanski සිංහල हिन्दी 中文 فارسی Tiếng Việt Tagalog Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் ไทย Deutsch پښتو Shqip Nederlands ગુજરાતી Кыргызча नेपाली Lietuvių دری Српски тоҷикӣ Kinyarwanda Română Magyar Čeština Moore Malagasy Oromoo ಕನ್ನಡ Wolof Azərbaycan O‘zbek Українська ქართული Македонски ភាសាខ្មែរ ਪੰਜਾਬੀ मराठी Kirundi Kurmancî Bahasa Melayuالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, চৰীয়তৰ অধীনস্থ প্ৰতিজন মুছলিমৰ ওপৰতে দৈনিক নিজৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ কৰা উচিত। এইটো মহান আল্লাহে কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যে পালন কৰিবলৈ বিধিবদ্ধ কৰিছে, যাতে বান্দা সুস্থ থাকে। কাৰণ তেৱেঁই এইবোৰ গাঁঠি বনাইছে, যাৰ দ্বাৰা বান্দাই নিজৰ সুবিধামতে ধৰিব পাৰে আৰু প্ৰসাৰিত কৰিব পাৰে। এই চাদাক্বাহ সকলো প্ৰকাৰ নেক আমলৰ জৰিয়তে কৰিব পাৰি, কেৱল ধন-সম্পদৰ মাজতেই সীমাবদ্ধ নহয়। যেনে- দুজন বিবদমান লোকৰ মাজত মীমাংসা কৰি দিয়াটোও হৈছে চাদাক্বাহ। বাহনত আৰোহণ কৰিব নোৱাৰা ব্যক্তিক আৰোহণ কৰাত সহায় কৰা অথবা বাহনত বয়-বস্তু উঠাই দিয়াত সহায় কৰাটোও হৈছে চাদাক্বাহ, উত্তম কথা যেনে- জিকৰ-আজকাৰ, দুআ, ছালাম আদিও হৈছে চাদাক্বাহ। নামাজৰ বাবে খোজকাঢ়ি যোৱা প্ৰতিটো পদক্ষেপ হৈছে চাদাক্বাহ। ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।فوائد الحديث
মানৱ শৰীৰৰ প্ৰতিটো গাঁঠি আল্লাহৰ নিয়ামতসমূহৰ মাজৰ এটা মহান নিয়ামত। গতিকে প্ৰতিটো গাঁঠিৰ বিপৰীতে বান্দাই চাদাক্বাহ কৰা উচিত। যাতে বান্দাই এই নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰে।
দৈনিক এই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে। যাতে এই নিয়ামত অব্যাহত থাকে।
দৈনিক নফল ইবাদত আৰু দান-খয়ৰাত কৰিবলৈ উৎসাহিত কৰা হৈছে।
মানুহৰ মাজত মীমাংসা কৰি দিয়াৰ গুৰুত্ব।
ইজনে সিজনক সহায়-সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ সহায়-সহযোগ কৰাটোও হৈছে চাদাক্বাহ।
মছজিদ আবাদ কৰা, তথা জামাতত চামিল হ'বলৈ খোজকাঢ়ি যাবলৈ উৎসাহিত কৰা হৈছে।
মুছলিমসকলক কষ্ট দিব পৰা বা ক্ষতি কৰিব পৰা সকলো প্ৰকাৰ বস্তু পথৰ পৰা আঁতৰাই দিয়াটো জৰুৰী।
