إعدادات العرض
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული বাংলা Kurdî ไทย Nederlands ਪੰਜਾਬੀ Bahasa Indonesia Kiswahiliالشرح
হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালবৰ্গই দৈনিক যি দুবেলা আহাৰ কৰিছিল, তাৰে এবাৰ ভোজনৰ খাদ্য হিচাপে থাকিছিল খেজুৰ।فوائد الحديث
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়াল বৰ্গ অত্যন্ত বিনয়ী আছিল। কেতিয়াবা তেওঁলোকে দিনত এবাৰৰ বেছি আহাৰ কৰিবলৈ একো পোৱা নাছিল।
অন্যান্য আহাৰৰ তুলনাত খেজুৰ আছিল তেখেতসকলৰ বাবে অতি সহজলভ্য।
দুনিয়াৰ লোভ লালসা ত্যাগ কৰি নিজৰ ওচৰত যি আছে তাৰ ওপৰতে সন্তুষ্টি প্ৰকাশ কৰাৰ ফজীলত। এইটোৱে আছিল নবীসকলৰ চৰিত্ৰ আৰু ৰাছুলসকলৰ শিৰোমণিৰ পৱিত্ৰ ছীৰত।
দৈনিক দুবাৰ আহাৰ কৰাটো বৈধ তথা অনুমোদিত। এইটো আৰবীয়ানসকলৰ পৰিচিত অভ্যাস আছিল। তেওঁলোকে দৈনিক দুবাৰ আহাৰ কৰিছিল, এটা হৈছে মধ্যাহ্ন ভোজন আৰু আনটো হৈছে ৰাতিৰ আহাৰ।
