উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে…

উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।

নাওৱাছ বিন ছামআন ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।" ওৱাবিছা ইবনে মা'বাদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই এবাৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে ক’লে: "তুমি নেকী সম্পৰ্কে সুধিবলৈ আহিছা নেকি?" মই ক’লোঁ: হয়। তেখেতে ক’লে: "নিজৰ মনক সুধি চোৱা; যিটোৰ ক্ষেত্ৰত তোমাৰ আত্মা বা মন আশ্বস্ত থাকে সেয়া হৈছে নেকী, আৰু গুনাহ হৈছে সেইটো, যিয়ে তোমাৰ আত্মাক অস্বস্তিত পেলায় আৰু মনত সংশয় সৃষ্টি কৰে, যদিও মানুহে (তাৰ সপক্ষে) ফতোৱা দিয়ে।"

[ছহীহ] [الحديث الأول: رواه مسلم، والحديث الثاني: رواه أحمد والدارمي]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গুনাহ আৰু নেকী সম্পৰ্কে জনাইছে। তেখেতে কৈছেঃ নেকীৰ আটাইতকৈ ডাঙৰ গুণ হৈছে তাক্বৱাৰ জৰিয়তে আল্লাহৰ সৈতে সদাচৰণ কৰা, আৰু সৃষ্টিক কষ্ট দিয়াৰ পৰা বিৰত থকা, খং নকৰা, হাঁহিমুখে সাক্ষাৎ কৰা, ভাল কথা কোৱা, সহায়-সহযোগ কৰা, আনুগত্য কৰা, নম্ৰতা, ভদ্ৰতা অৱলম্বন কৰা, সংগী-সাৰথিৰ সৈতে সদাচৰণ কৰা আদি। নেকী হৈছে সেইটো, যাৰ দ্বাৰা অন্তৰে প্ৰশান্তি লাভ কৰে। গুনাহ সেইটোক কোৱা হয়, যিটো কৰিলে অন্তৰ কঁপে আৰু অন্তৰত অশান্তি বিৰাজ কৰে। যেতিয়া কোনো কাম সম্পৰ্কে মনত সন্দেহ হয় বা ভয় হয় যে, সেইটো চাগে গুনাহ হ’ব পাৰে, আৰু সি সেইটোক বেয়া বুলি গণ্য কৰি আনৰ আগত প্ৰকাশ কৰিব নিবিচাৰে, বিশেষকৈ সন্মানীয় মানুহৰ সন্মুখত, তেন্তে এইটোৱে প্ৰমাণ কৰে যে, সেইটো হৈছে এটা গুনাহৰ কাম। কাৰণ মানুহৰ স্বভাৱে এইটো বিচাৰে যে, মানুহে কেৱল তাৰ ভাল কামবোৰ চাওক। এতেকে যেতিয়া কোনো ব্যক্তিয়ে এইটো বিচাৰে যে, তাৰ কিছুমান কাম জনসাধাৰণৰ দৃষ্টিৰ পৰা গোপন থাকক, তেন্তে ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, সেইটো হৈছে এটা গুনাহ, যিটোৰ মাজত কোনো কল্যাণ নাই। যেতিয়ালৈকে অন্তৰত অস্থিৰতা থাকিব, তেতিয়ালৈকে মানুহে সেই বিষয়ে ফতোৱা দিলেও সেইটো গ্ৰহণ নকৰিবা। কাৰণ যদি সন্দেহ সঠিক ক্ষেত্ৰত থাকে তেন্তে ফতোৱা দিলেও সেইটো দূৰ নহয়। কাৰণ মুফতিয়ে নাজানিও ফতোৱা দিব পাৰে। আনহাতে যদি ফতোৱা দলিল ভিত্তিক হয় তেন্তে ফতোৱা বিচৰা ব্যক্তিয়ে সেইটো মানি লোৱা উচিত, যদিও অন্তৰে সেইটো মানি নলয়।

فوائد الحديث

উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ উত্তম চৰিত্ৰই হৈছে নেক আমলৰ আটাইতকৈ ডাঙৰ পৰিচয়।

হক আৰু বাতিল কেতিয়াও মুমিনৰ ক্ষেত্ৰত একত্ৰিত হ'ব নোৱাৰে। বৰং মুমিনে তেওঁৰ অন্তৰত থকা নূৰৰ জৰিয়তে সত্যক চিনি পায়, ফলত তেওঁ বাতিলৰ পৰা আঁতৰি যায় আৰু ইয়াক অস্বীকাৰ কৰে।

গুনাহৰ এটা অন্যতম আলামত হৈছে অন্তৰৰ অস্থিৰতা আৰু মানুহে গম পোৱাৰ আশংকা।

ছিন্ধী ৰাহিমাহুল্লাহে কৈছেঃ "এইটো হৈছে সন্দেহজনক বিষয়ৰ ক্ষেত্ৰত, যিটো ক্ষেত্ৰত মানুহে কোনো এটা পক্ষক নিশ্চিতভাৱে সুনিৰ্দিষ্ট কৰিব নোৱাৰে; অন্যথা যিটো চৰীয়তত স্পষ্টভাৱে নিৰ্দেশ দিয়া হৈছে আৰু যাৰ কোনো স্পষ্ট বিৰোধিতা নাই, সেইটো হৈছে নেক কাম। এইদৰে যিটো স্পষ্টভাৱে নিষিদ্ধ কৰা হৈছে, সেইটো হৈছে পাপকৰ্ম। এই ক্ষেত্ৰত অন্তৰৰ পৰা ফতোৱা লোৱাৰ তথা সান্ত্বনা লোৱাৰ কোনো প্ৰয়োজন নাই।"

হাদীছটোৰ দ্বাৰা সেইসকল লোকক সম্বোধন কৰা হৈছে, যিসকল সুস্থ সঠিক বিবেক তথা বিশুদ্ধ স্বভাৱৰ অধিকাৰী। আনহাতে সেইসকল লোকক সম্বোধন কৰা হোৱা নাই, যিসকলৰ অন্তৰ কলুষিত, যিয়ে সত্যক সত্য বুলি আৰু অসত্যক অসত্য বুলি চিনি নাপায়, বৰং নিজৰ প্ৰবৃত্তিয়ে যি বিচাৰে সেইটোৱে কৰে।

ত্বীবি ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটোত উল্লেখিত (البر) শব্দটোৰ কেইবাটাও অৰ্থ কৰা হৈছে। এটা ঠাইত ইয়াৰ ব্যাখ্যা কৰা হৈছে, সেইবোৰ সৎকৰ্মৰ দ্বাৰা, যিয়ে হৃদয়ক প্ৰশান্তি দিয়ে আৰু সন্তুষ্ট কৰে। এঠাইত ইয়াক ঈমান বুলি ব্যাখ্যা কৰা হৈছে। আন এটা ঠাইত ইয়াৰ ব্যাখ্যা কৰা হৈছে, সেইবোৰ আমলৰ দ্বাৰা যিবোৰে আল্লাহৰ নৈকট্য অৰ্জন কৰায়। লগতে ইয়াত উত্তম চৰিত্ৰৰ অৰ্থ প্ৰকাশ কৰিছে। উত্তম চৰিত্ৰৰ ব্যাখ্যা কৰা হৈছে এনেকৈ, সৃষ্টিক কষ্ট দিয়াৰ পৰা বিৰত থকা, খং নকৰা, হাঁহিমুখে সাক্ষাৎ কৰা, ভাল কথা কোৱা আদি সকলো ইয়াৰ অন্তৰ্ভুক্ত।