যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি?…

যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

আব্দুল্লাহ ইবনে আমৰ ইবনিল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, “যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।” ছহীহ – এই হাদীছটোক আহমদে বর্ণনা কৰিছে।

[ছহীহ] [ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছে]

الشرح

এই হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক জনাইছে যে, অশুভ লক্ষণক কেন্দ্ৰ কৰি যিয়ে নিজৰ সিদ্ধান্ত বাস্তৱায়নৰ পৰা বিৰত থাকে, সি এক প্ৰকাৰ শ্বিৰ্কত লিপ্ত হয়। যেতিয়া চাহাবাসকলে এই কবীৰাহ গুনাহৰ কাফফাৰা সম্পৰ্কে সুধিলে, তেতিয়া তেখেতে তেওঁলোকক হাদীছত বৰ্ণিত বাক্যবোৰ পঢ়িবলৈ নির্দেশনা দিলে, যিবোৰ বাক্যত যাৱতীয় কৰ্ম আল্লাহৰ ওচৰলৈ অৰ্পন কৰা হৈছে, লগতে তেওঁৰ ক্ষমতাৰ বাহিৰে আন কাৰো ক্ষমতা নাই বুলি কোৱা হৈছে।

فوائد الحديث

অশুভ লক্ষণে যাক নিজৰ প্ৰয়োজনৰ পৰা বিৰত ৰাখে সি দৰাচলতে শ্বিৰ্ক কৰে।

মুশ্বৰিকৰ তাওবা গ্রহণযোগ্য।

যি ব্যক্তিয়ে অশুভ লক্ষণ বিশ্বাস কৰি ভুল কৰিছে সেই ব্যক্তিয়ে কি পাঠ কৰিলে প্ৰতিকাৰ পাব তাৰ দিগ-নির্দেশনা দিয়া হৈছে।

ভাল আৰু বেয়া আল্লাহৰ ফালৰ পৰা নির্ধাৰিত।

التصنيفات

শ্বিৰ্ক