إعدادات العرض
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ…
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული বাংলা Kurdî ไทย Indonesia Nederlands ਪੰਜਾਬੀ Kiswahili Hausa ភាសាខ្មែរ English ગુજરાતી Tagalog Русский मराठी മലയാളംالشرح
হাদীছটোত ছাআদ ইবনে আবী অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া নামাজৰ ছালাম ফিৰাইছিল, তেখেত ইমান পৰিমাণ সোঁফালে মুখ ঘূৰাইছিল যে, মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ, এইদৰে তেখেতে যেতিয়া বাওঁফালে মুখ ঘূৰাইছিল তেতিয়া মই তেখেতৰ গালৰ শুভ্ৰতা দেখিছিলোঁ।فوائد الحديث
সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱাৰ সময়ত বেছিকৈ মূৰ ঘূৰাই দিয়াটো চৰীয়তসন্মত।
দুয়োফালে ছালাম ফিৰাব লাগে, সোঁফালে আৰু বাওঁফালে।
নাৱাৱীয়ে কৈছেঃ যদি কোনোবাই সোঁফালেই দুবাৰ ছালাম ফিৰায়, অথবা কেৱল বাওঁফালে দুবাৰ ছালাম ফিৰায়, নাইবা সন্মুখৰ ফালে মুখ কৰিয়ে দুবাৰ ছালাম দিয়ে, তথাপিও তাৰ নামাজ সঠিক হ'ব, আৰু দুয়োটা ছালামেই সঠিক বুলি বিবেচিত হ'ব। কিন্তু ইয়াৰ ফলত সেই ছালামৰ পদ্ধতিৰ ছোৱাব হ্ৰাস হ'ব।
