“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব।

“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব।

আমীৰুল মুমিনীন আবু হাফছ ওমৰ ইবনুল-খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে - মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ “সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।"

[ছহীহ] [رواه إماما المحدثين أبو عبد الله محمد بن إسماعيل بن إبراهيم بن المغيرة بن بردزبه البخاري وأبو الحسين مسلم بن الحجاج بن مسلم القشيري النيسابوري في صحيحيهما اللذين هما أصح الكتب المصنفة]

الشرح

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, প্ৰতিটো আমল নিয়্যত অনুযায়ীহে নিৰ্ভৰযোগ্য হয়। দৈনন্দিন জীৱনৰ সকলো কৰ্ম আৰু সকলো আমলৰ ক্ষেত্ৰতে এই বিধান প্ৰযোজ্য। গতিকে যদি কোনোবাই কোনো স্বাৰ্থ লাভৰ বাবে কোনো আমল কৰে তেন্তে তেওঁ সেই আমলৰ জৰিয়তে সেই স্বাৰ্থটোকে পাব, যি স্বাৰ্থত তেওঁ আমলটো কৰিছে, কোনো ছোৱাব নাপাব। আনহাতে যদি কোনোবাই কোনো আমল আল্লাহৰ নৈকট্য লাভ কৰাৰ উদ্দেশ্যে কৰে তেন্তে তেওঁ সেইটোৰ ছোৱাব পাব আৰু প্ৰতিদান লাভ কৰিব, যদিও সেইটো তাৰ কোনো অভ্যাসগত আমল হয়, যেনে- পানাহাৰ কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমলৰ ক্ষেত্ৰত নিয়্যতৰ প্ৰভাৱ বুজাবলৈ এটা উদাহৰণ দিছে। তেখেতে কৈছেঃ যিয়ে প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ দেশ ত্যাগ কৰিব বা হিজৰত কৰিব, তেন্তে তাৰ সেই হিজৰতক গ্ৰহণযোগ্য হিজৰত হিচাপে মানি লোৱা হ'ব। লগতে সঠিক নিয়্যত পোষণ কৰাৰ বাবে তাক ইয়াৰ উত্তম প্ৰতিদানো দিয়া হ'ব। আনহাতে যিয়ে দুনিয়াৱী স্বাৰ্থ লাভৰ বাবে হিজৰত কৰিব, যেনে- ধন-সম্পদৰ আশাত, বা মৰ্যাদা লাভৰ আশাত, নাইবা ব্যৱসায়-বাণিজ্যৰ আশাত, অথবা বিবাহৰ উদ্দেশ্যে, তেন্তে তেওঁ সেই স্বাৰ্থই লাভ কৰিব যিটো স্বাৰ্থত তেওঁ হিজৰত কৰিছে। তাক কোনো ছোৱাব বা নেকী প্ৰদান কৰা নহয়।

فوائد الحديث

ইখলাছৰ প্রতি উৎসাহ প্রদান কৰা হৈছে। কাৰণ আল্লাহে কেৱল সেইটো আমলেই কবুল কৰে যিটোৰ দ্বাৰা তেওঁৰ সন্তুষ্টি আশা কৰা হয়।

যিবোৰ আমলৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰা হয়, সেইবোৰ আমল যদি অভ্যাসগত হিচাপে কোনোবাই কৰে তেন্তে সি সেইটোৰ ছোৱাব নাপাব, যেতিয়ালৈকে সি আল্লাহৰ নৈকট্য কামনা নকৰিব তথা ছোৱাব কামনা নকৰিব।

নিয়্যতৰ দ্বাৰা এটা ইবাদতক আন এটা ইবাদতৰ পৰা, এইদৰে ইবাদতক আচাৰ-ব্যৱহাৰৰ পৰা, পৃথক কৰা হয়।