যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি…

যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলহেঁতেন। কিন্তু দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি মানুহৰ দাবীৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰদান কৰা হ'লহেঁতেন, তেন্তে মানুহে আনৰ প্ৰাণ আৰু ধন-সম্পদ দাবী কৰি বহিলেহেঁতেন। কিন্তু (ন্যায় হৈছে) দাবী কৰা ব্যক্তিয়ে প্ৰমাণ দিব লাগিব আৰু প্ৰতিপক্ষই শপত খাই (সেই দাবীক) অস্বীকাৰ কৰিব লাগিব।"

[হাছান] [رواه البيهقي وغيره هكذا وبعضه في الصحيحين]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যদি প্ৰমাণ আদি নোলোৱাকৈ মানুহৰ দাবীৰ ভিত্তিত বিচাৰ কাৰ্য সম্পন্ন কৰি সিহঁতৰ পক্ষে ফয়চালা কৰা হ'লহেঁতেন তেন্তে বহুতেই আনৰ সম্পদ আত্মসাৎ কৰিবলৈ এই পন্থা অৱলম্বন কৰিলেহেঁতেন। কিন্তু নিয়ম হৈছে দাবীকাৰীয়ে প্ৰমাণ উপস্থিত কৰিব লাগিব। যদি সি প্ৰমাণ দিব নোৱাৰে তেন্তে গোচৰটো প্ৰতিপক্ষৰ ওচৰত উপস্থাপন কৰা হ’ব, আৰু তেওঁ যদি অস্বীকাৰ কৰে তেন্তে তেওঁ শপত খাই দোষমুক্ত হ’ব লাগিব।

فوائد الحديث

ইবনে দাক্বীকুল ঈদে কৈছেঃ এই হাদীছটো হৈছে বিধি-বিধানৰ অন্যতম এটা মূলনীতি। বিবাদ মীমাংসাৰ ক্ষেত্ৰত এইটো হৈছে এটা ডাঙৰ উৎস।

মানুহৰ প্ৰাণ আৰু ধন-সম্পদ লৈ যাতে কোনেও খেলিব নোৱাৰে তাৰ প্ৰতি চৰীয়তে সুক্ষ্ম দৃষ্টি ৰাখিছে।

মীমাংসাকাৰীয়ে নিজৰ জ্ঞান অনুযায়ী ফয়চালা দিয়া উচিত নহয়, প্ৰমাণ অনুযায়ীহে মীমাংসা কৰা উচিত।

প্ৰমাণহীন সকলো দাবী প্ৰত্যাখ্যাত। সেয়া অধিকাৰৰ ক্ষেত্ৰতে হওক বা লেনদেনৰ ক্ষেত্ৰতে হওক অথবা ঈমান আৰু ইল্মৰ কোনো বিষয়তে হওক।

التصنيفات

বিভিন্ন দাবী আৰু বিভিন্ন প্ৰমাণাদি