إعدادات العرض
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো…
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।
আলী ইবনে আবি তালিব আৰু মু‘আজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।”
[ছহীহ] [(তিৰমিজী)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو हिन्दी 中文 සිංහල ئۇيغۇرچە Kurdî Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย 日本語 پښتو Tiếng Việt Shqip தமிழ்الشرح
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, যেনে থিয় বা ৰুকূ নাইবা ছাজদাহ অথবা বহা অৱস্থাত থাকে, সেই ব্যক্তিয়েও ইমামৰ অনুসৰণ কৰা উচিত, অৰ্থাৎ থিয় হৈ থাকিলে থিয় হব লাগে আৰু ৰুকু অথবা ছাজাদত থাকিলে সেইটোৱে কৰা উচিত। ছাজদাহ অথবা ৰুকুৰ পৰা ইমাম থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, যিদৰে কিছুমানক এইদৰে অপেক্ষা কৰা দেখা যায়।فوائد الحديث
জামাত আৰম্ভ হৈ যোৱাৰ পিছত অহা (লাহিক) ব্যক্তিয়ে ইমামক যি অৱস্থাত পাব সেই অৱস্থাতে নামাজত প্ৰৱেশ কৰা উচিত। অৰ্থাৎ ৰুকু, ছাজদাহ বা বহা যি অৱস্থাতে পাব, এই ক্ষেত্ৰত কোনো পাৰ্থক্য নকৰি লগে লগে চালাতত প্রৱেশ কৰা উচিত।
ইমামৰ সৈতে ৰুকু পালেই ৰাকাত পোৱা বুলি গণ্য হ’ব। এই বিষয়টো অন্যান্য হাদীছৰ দ্বাৰা প্রমাণিত।
التصنيفات
ইমাম আৰু মুক্তাদীৰ বিধি-বিধান