إعدادات العرض
তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিৰাআত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল,
তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিৰাআত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল,
ইবনু আবী মুলাইকাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোনো এজনী স্ত্ৰীৰ পৰা বৰ্ণিত, আবু আমীৰে কৈছে যে, নাফে কৈছেঃ মোৰ ধাৰণা মতে তেওঁ চাগে হাফচা ৰাদ্বিয়াল্লাহু আনহা। তেওঁক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিৰাআত সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, তেওঁ কৈছেঃ তোমালোকে তেনেকৈ পঢ়িব নোৱাৰিবা। বৰ্ণনাকাৰীয়ে কৈছেঃ তেওঁক কোৱা হ'ল যে, আমাক জনাই দিয়ক, তেখেতে কেনেকৈ পঢ়িছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেওঁ অত্যন্ত ধীৰ স্থিৰতাৰ সৈতে অতি সুন্দৰভাৱে তিলাৱত কৰি শুনালে। আবু আমিৰে কৈছে, নাফে কৈছে যে, ইবনু আবি মুলাইকাই আমাক ইয়াৰ পদ্ধতি দেখুৱাই কৈছেঃ তেখেতে {الحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {الرَّحْمَنِ الرَّحِيمِ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {مَالِكِ يَوْمِ الدِّينِ} পাঠ কৰি ৰৈ দিছিল।
الترجمة
العربية Português دری Македонски Tiếng Việt Magyar ქართული Indonesia বাংলা Kurdî ไทย Nederlands Hausa ਪੰਜਾਬੀ Kiswahili Tagalog ភាសាខ្មែរ English ગુજરાતી සිංහල Русский मराठी മലയാളം ಕನ್ನಡالشرح
উম্মুল মুমিনীন হাফচা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰা হৈছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে কোৰআন তিলাৱত কৰিছিল? তেওঁ ইয়াৰ উত্তৰত কৈছিল যে, তোমালোকে তেনেদৰে পাঠ কৰিব নোৱাৰিবা। তেওঁক কোৱা হ'ল যে, তথাপিও আমাক জনাই দিয়ক। নাফে কৈছে যে, ইবনু আবি মুলাইকাই আমাক তিলাৱত কৰি শুনাইছিল, য'ত তেওঁ অত্যন্ত ধীৰ স্থিৰতাৰে অতি সুন্দৰভাৱে তিলাৱত কৰিছিল। যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ তিলাৱত পদ্ধতি দেখুৱাব পাৰে। তেওঁ তিলাৱত কৰাৰ সময়ত {الحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {الرَّحْمَنِ الرَّحِيمِ} পাঠ কৰি ৰৈ দিছিল, তাৰ পিছত {مَالِكِ يَوْمِ الدِّينِ} পাঠ কৰিছিল।فوائد الحديث
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কোৰআন তিলাৱতৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিদৰে কোৰআন তিলাৱত কৰিছিল সেইটো কাৰ্যকৰী হোৱাকৈ বাস্তৱৰূপে পাঠ কৰি দেখুৱা হৈছে।
কোৰআন তিলাৱত কৰাৰ সময়ত ধীৰ স্থিৰতাৰ সৈতে তিলাৱত কৰিব লাগে, এইটো হৈছে কোৰআন চিন্তা চৰ্চা কৰাৰ উপযুক্ত পদ্ধতি।
ছালাফে চলেহীনসকলে কোৰআনে কাৰীমৰ প্ৰতি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আমলৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল।
তাজৱীদৰ বিধান আৰু কোৰআনৰ জ্ঞান শিকাৰ গুৰুত্ব।
التصنيفات
তাজৱীদ বিদ্যা