إعدادات العرض
নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে।
নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নিশ্চয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোবৰ বা হাড় আদিৰে ইস্তিঞ্জা (পৰিষ্কাৰ) কৰিবলৈ নিষেধ কৰিছে। তেখেতে আৰু কৈছে: "নিশ্চয় এইবোৰে পৰিষ্কাৰ নকৰে।"
[ছহীহ] [(দাৰু কুতনী)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी Tagalog Kurdî Tiếng Việt Magyar ქართული සිංහල Kiswahili Română ไทยالشرح
প্ৰস্ৰাৱ বা পায়খানা কৰাৰ পিছত জন্তুৰ হাড়, শুকান গোবৰ বা অন্যান্য অশুচি বস্তুৰে পৰিষ্কাৰ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে, তেখেতে আৰু কৈছেঃ ইয়াৰ দ্বাৰা অপৱিত্ৰতা দূৰ নহয়, তথা ইয়াৰ দ্বাৰা পৱিত্ৰতাও অৰ্জন নহয়।فوائد الحديث
হাদীছটোত শৌচ-প্ৰস্ৰাৱ সম্পৰ্কীয় কেইটামান নিয়ম-নীতি বৰ্ণিত হৈছে।
গোবৰৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে, ইয়াৰ এটা কাৰণ হৈছে ই অপৱিত্ৰ আৰু আন এটা কাৰণ হৈছে, ই হৈছে জীনসকলৰ পশুৰ খাদ্য।
এইদৰে হাড় আদিৰ দ্বাৰা লজ্জাস্থান পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰা হৈছে। কাৰণ হয় এইটো অপৱিত্ৰ, নাইবা এইটো হৈছে জীনসকলৰ খাদ্য।
التصنيفات
শৌচ-প্ৰস্ৰাৱ কৰাৰ শিষ্টাচাৰ