إعدادات العرض
মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।
মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
[ছহীহ] [رواه أبو داود والنسائي وابن ماجه]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Русский Tiếng Việt Magyar ქართული සිංහල Kiswahili Română ไทย Português मराठी دری አማርኛ ភាសាខ្មែរ Nederlands ગુજરાતી Македонски ਪੰਜਾਬੀالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামত নিকটৱৰ্তী হোৱাৰ আৰু পৃথিৱী শেষ হোৱাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, মানুহে নিজৰ মছজিদৰ সৌন্দৰ্য্যক লৈ গৌৰৱ কৰিব তথা অহংকাৰ কৰিব, নাইবা আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা মছজিদত সিহঁতে দুনিয়াবী বিষয়লৈ অহংকাৰ কৰিব।فوائد الحديث
মছজিদকলৈ অহংকাৰ কৰা হাৰাম। কাৰণ এইটো হৈছে এটা অগ্ৰহণযোগ্য কৰ্ম, যিটো আল্লাহৰ বাবে কৰা হোৱা নাই।
মছজিদবোৰক ৰং, চিত্ৰ, নক্সা আৰু লিখনীৰে অতিৰিক্তভাৱে সজোৱাটো নিষিদ্ধ কৰা হৈছে, কিয়নো এইবোৰৰ দ্বাৰা নামাজীসকলৰ মন বিচলিত হয়, যেতিয়া তেওঁলোকে এইবোৰলৈ দৃষ্টিপাত কৰে।
ছিন্দীয়ে কৈছে: এইটো এনেকুবা এটা হাদীছ যিটোৰ সত্যতা বৰ্তমান অৱস্থাৰ দ্বাৰা প্ৰমাণিত। লগতে এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা মুজিঝা (অলৌকিকতা)।
التصنيفات
মছজিদ সম্পৰ্কীয় বিধান