নিশ্চয় মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে, অৰ্থাৎ যাৰ দ্বাৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়, এনেকুৱা…

নিশ্চয় মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে, অৰ্থাৎ যাৰ দ্বাৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়, এনেকুৱা আমলৰ বাহিৰে আন একো গ্ৰহণ নকৰে।

আবু উমামা আল-বাহিলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ সেইজন ব্যক্তি সম্পৰ্কে আপোনাৰ মতামত কি, যি ব্যক্তিয়ে প্ৰতিদান আৰু সুনাম অৰ্জন কৰিবলৈ যুদ্ধ কৰে, তাৰ বাবে কি আছে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ বাবে একো নাই।" ব্যক্তিজনে এই প্ৰশ্ন তিনিবাৰ সুধিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক আকৌ ক'লেঃ "তাৰ বাবে একো নাই।" ইয়াৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে, অৰ্থাৎ যাৰ দ্বাৰা একমাত্ৰ আল্লাহৰ সন্তুষ্টি কামনা কৰা হয়, এনেকুৱা আমলৰ বাহিৰে আন একো গ্ৰহণ নকৰে।"

[ছহীহ] [رواه النسائي]

الشرح

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি, এনেকুৱা এজন ব্যক্তি সম্পৰ্কে বিধান জানিব বিচাৰিলে, যিয়ে এই নিয়্যতেৰে যুদ্ধ কৰে যে, যাতে তেওঁ আল্লাহৰ ওচৰত প্ৰতিদানো লাভ কৰে আৰু মানুহৰ মাজত যাতে তাৰ সুনাম হয়। তেনেকুৱা ব্যক্তিয়ে সঁচাই সুপ্ৰতিফল লাভ কৰিবনে? ইয়াৰ উত্তৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে যে, সি একো ছোৱাব লাভ নকৰিব। কাৰণ তাৰ নিয়্যতত ইখলাচ নাই। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্নটো তিনিবাৰ কৰিলে, ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও গুৰুত্ব সহকাৰে একেটাই উত্তৰ দিলে যে, সি কোনো ছোৱাব লাভ নকৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত আমল কবূল হোৱাৰ নিয়ম উল্লেখ কৰি ক'লেঃ মহান আল্লাহে সেই আমল কবূল কৰে যিটো নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰ উদ্দেশ্যে কৰা হয়, য'ত আন কাৰো অংশীদাৰিত্ব নাই। একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে হ'ব লাগিব।

فوائد الحديث

মহান আল্লাহে নিৰ্ভেজাল আমলৰ বাহিৰে আন কোনো আমল কবূল নকৰে। লগতে সেইটো হ'ব লাগিব নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি অনুযায়ী।

মুফতীৰ ফালৰ পৰা দিয়া উত্তম উত্তৰ হৈছে সেইটো, য'ত প্ৰশ্নকাৰীৰ প্ৰশ্নৰ সন্তুষ্টজনক উত্তৰ আছে, লগতে অতিৰিক্ত উপকাৰো আছে।

বাৰে বাৰে প্ৰশ্ন কৰা বিষয়টোৱে প্ৰমাণ কৰে যে, বিষয়টো খুবেই গুৰুত্বপূৰ্ণ।

প্ৰকৃত মুজাহিদ হৈছে সেইজন, যিয়ে আল্লাহৰ কলিমা সুউচ্চ কৰিবলৈ যুদ্ধ কৰে। লগতে ইখলাচৰ সৈতে আখিৰাতৰ ছোৱাব অৰ্জনৰ আশা পোষণ কৰে। প্ৰকৃত মুজাহিদে কেতিয়াও পাৰ্থিৱ কোনো বিষয় অৰ্জন কৰিবলৈ যুদ্ধ নকৰে।

التصنيفات

অন্তৰৰ আমলৰ গুৰুত্ব