إعدادات العرض
বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।
বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বৃদ্ধ লোকৰ অন্তৰ দুটা ক্ষেত্ৰত সদায় যুৱক হৈ থাকে, দুনিয়াৰ প্ৰতি মুহাব্বত আৰু সুদীৰ্ঘ আশা-আকাংক্ষাৰ ক্ষেত্ৰত।"
الترجمة
العربية Tiếng Việt Indonesia Nederlands Kiswahili English ગુજરાતી සිංහල Magyar ქართული Hausa Română ไทย Português मराठी ភាសាខ្មែរ دری አማርኛ বাংলা Kurdî తెలుగు Македонски Tagalog Українська ਪੰਜਾਬੀ മലയാളം Moore ಕನ್ನಡ Türkçe پښتو Bosanski हिन्दीالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৃদ্ধ লোক, যাৰ শৰীৰ দুৰ্বল হৈছে কিন্তু দুটা বস্তুৰ মুহাব্বতত সিহঁতৰ অন্তৰ সদায় যুৱক হৈ থাকেঃ এটা হৈছেঃ পাৰ্থিৱ মুহাব্বত তথা ধন-সম্পদৰ প্ৰাচুৰ্য্যৰ মুহাব্বত। আৰু আনটো হৈছেঃ দীৰ্ঘায়ু, বেছি দিন জীৱিত থকাৰ আশা।فوائد الحديث
হাদীছটোত মানুহৰ স্বভাৱ সম্পৰ্কে উল্লেখ কৰা হৈছে যে, বৃদ্ধবয়সতো দুনিয়াৰ মুহাব্বত আৰু দীৰ্ঘ আশা আকাংক্ষা মানুহৰ অন্তৰত সতেজ হৈ থাকে।
দীৰ্ঘ আশা আকাংক্ষা আৰু অধিক ধন-সম্পদ একত্ৰিত কৰাৰ লোভ লালসাক ভৰ্ৎসনা কৰা হৈছে। যিয়ে এই কথাৰ ইংগিত বহন কৰে যে, মৃত্যুৰ বাবে প্ৰস্তুতি লোৱা উচিত। এইদৰে হাদীছটোৱে ধনী ব্যক্তিৰ বাবে দান-খয়ৰাত কৰা আৰু দুখীয়া দৰিদ্ৰ ব্যক্তিৰ বাবে নিজৰ আত্মসন্মান ৰক্ষা কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰে।
মানুহৰ আটাইতকৈ প্ৰিয় বস্তু হৈছে নিজৰ জীৱন। সেইকাৰণে মানুহে নিজৰ জীৱনৰ সুৰক্ষা আৰু দীৰ্ঘায়ু কামনা কৰে। এইকাৰণেই মানুহে ধন-সম্পদ পছন্দ কৰে। কিয়নো সম্পদ হৈছে সুস্থতা আৰু উপভোগৰ অন্যতম এটা ডাঙৰ উপকৰণ। যেতিয়াই মানুহে অনুভৱ কৰে যে, তাৰ সময় কমি আহিছে তেতিয়াই তাৰ মুহাব্বত অধিক বাঢ়ি যায়, লগতে ইয়াত থকাৰ চাহিদা অধিক বৃদ্ধি পায়।
التصنيفات
পাৰ্থিৱ চাহিদাৰ নিন্দা