তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।

তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে বেছি বেছি জীৱনৰ সোৱাদ হৰণকাৰীক স্মৰণ কৰা।" অৰ্থাৎ মৃত্যুক স্মৰণ কৰা।

[হাছান] [رواه الترمذي والنسائي وابن ماجه]

الشرح

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত বেছি বেছি মৃত্যুক স্মৰণ কৰিবলৈ উৎসাহিত কৰিছে, কাৰণ মৃত্যুক স্মৰণ কৰিলেহে আখিৰাতৰ বিষয়বোৰ মনলৈ আহিব। ফলত অন্তৰৰ পৰা পৃথিৱীৰ মোহ, লোভ লালসা কমিব। বিশেষকৈ হাৰাম চাহিদাৰ লোভ।

فوائد الحديث

মৃত্যুৱে পাৰ্থিৱ উপভোগৰ চাহিদা হৰণ কৰে। কিন্তু মুমিনক আখিৰাতৰ সুখ-শান্তি আৰু জান্নাতৰ মহা কল্যাণকৰ নিয়ামতৰ প্ৰতি উৎসাহিত কৰে।

মৃত্যু আৰু ইয়াৰ পৰৱৰ্তী সময়ত হ'বলগীয়া বিষয়বোৰ স্মৰণ কৰাটো হৈছে তাওবা, প্ৰত্যাৱৰ্তন আৰু আখিৰাতৰ বাবে প্ৰস্তুতিৰ অন্যতম এটা উপায়।

التصنيفات

পাৰ্থিৱ চাহিদাৰ নিন্দা