إعدادات العرض
যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী…
যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ সূত্ৰত বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල Kurdî Português Kiswahili ગુજરાતી Nederlands አማርኛ Hausa മലയാളം Românăالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, যিয়ে কুৰবানী কৰিব বিচাৰে তেওঁ যেন, জুলহিজ্জা মাহৰ জোন উঠাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে মূৰৰ চুলি, দুয়ো কাষলতিৰ নোম, মোচ আদিৰ লগতে হাত ভৰিৰ নখ আদি যেন নাকাটে।فوائد الحديث
যিয়ে কুৰবানী কৰিব বিচাৰে তেওঁ জুলহিজ্জা মাহ আৰম্ভ হোৱাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে উক্ত কামবোৰ কৰিব নালাগে।
যদি কোনোবাই প্ৰথম দিনা কুৰবানী নকৰে, তেন্তে আয়্যামে তাশ্বৰীকৰ যিটো দিৱসত কুৰবানী কৰিব, সেই দিৱসলৈকে এইবোৰ কটাৰ পৰা বিৰত থাকিব লাগে।
التصنيفات
কুৰবানী