إعدادات العرض
তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।
তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।
মুচআব বিন চাআদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ চাআদ বিন আবি অক্কাছে দুখীয়া শ্ৰেণীৰ লোকৰ ওপৰত তেওঁ নিজকে প্ৰাধান্য প্ৰাপ্ত বুলি ধাৰণা কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।"
[ছহীহ] [(বুখাৰী) - (তিৰমিজী) - ইয়াক নাছায়ীয়ে বৰ্ণনা কৰিছে - (আবু দাঊদ) - (আহমদ)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt ئۇيغۇرچە Hausa Kurdî Nederlands Kiswahili ગુજરાતી සිංහල Magyar ქართული Română ไทย Portuguêsالشرح
ছাআদ বিন আবি অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৱে ধাৰণা কৰিলে যে, তেওঁ যিহেতু এজন বাহাদুৰ শক্তিশালী ব্যক্তি, সেয়ে তেওঁ অন্যান্য দুৰ্বল লোকতকৈ মৰ্যাদাৱান, তথা তেওঁৰ সৈতে দুৰ্বলসকলৰ তুলনা নহয়। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! তোমালোকৰ মাজৰ এই দুৰ্বল লোকসকলৰ দুআ, নামাজ আৰু ইখলাচৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু সহায় কৰা হয়। তেওঁলোকে দুআ কৰাৰ ক্ষেত্ৰত অত্যন্ত নিষ্ঠা সহকাৰে দুআ কৰে। দুনিয়াৰ মোহ মায়া এৰি একান্ত মনে বিনীত হৈ ইবাদত কৰে।فوائد الحديث
বিনীত হ'বলৈ আৰু আনৰ ওপৰত নিজকে প্ৰাধান্য নিদিবলৈ উৎসাহিত কৰা হৈছে।
ইবনু হাজাৰে কৈছেঃ শক্তিশালী ব্যক্তি যদি নিজৰ বাহাদুৰী আৰু শক্তি সামৰ্থৰ ফলত প্ৰাধান্যপ্ৰাপ্ত হয়, তেন্তে ইখলাচ আৰু নিষ্ঠা সহকাৰে দুআ আদিৰ ক্ষেত্ৰত দুৰ্বল লোকো প্ৰাধান্য প্ৰাপ্ত।
দুখীয়া দৰিদ্ৰ অভাৱী লোকক সহায় সহযোগ কৰিবলৈ আৰু সিহঁতৰ অধিকাৰ সিহঁতক আদায় দিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ ইয়াৰ ফলত আল্লাহৰ ৰহমত আৰু তেওঁৰ সহায় লাভ হয়।
التصنيفات
পূণ্যৱান লোকসকলৰ অৱস্থাসমূহ