إعدادات العرض
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম…
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম বেলেগ দিনত কৰা নাছিল।
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহকত যি পৰিমাণ পৰিশ্ৰম কৰিছিল, সেই পৰিমাণ পৰিশ্ৰম বেলেগ দিনত কৰা নাছিল।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Kiswahili Português සිංහල Nederlands Tiếng Việt ગુજરાતી پښتو മലയാളം नेपाली ქართული Magyar తెలుగు Македонски Svenska Moore አማርኛ Română Українська ไทย मराठी ਪੰਜਾਬੀ دری Wolof ភាសាខ្មែរ ಕನ್ನಡ Yorùbá Српски Lietuvių Malagasy Kinyarwanda Shqipالشرح
ৰমাজানৰ শেষ দহকত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবাদত আনুগত্যৰ জৰিয়তে অত্যন্ত পৰিশ্ৰম কৰিছিল। তেখেতে বিভিন্ন প্ৰকাৰৰ কল্যাণকৰ কাম, বিভিন্ন ধৰণৰ সৎকৰ্ম আৰু ইবাদত অন্যান্য দিনৰ তুলনাত বেছি বেছি কৰিছিল। কাৰণ এই ৰাতি কেইটা খুবেই ফজীলতপূৰ্ণ, লগতে লাইলাতুল ক্বদৰ সন্ধানৰ আশাত এনেকুৱা নেক কাম বেছি কৰিছিল।فوائد الحديث
সাধাৰণতে গোটেই ৰমাজান মাহত বেছি বেছি নেক কৰ্ম কৰিবলৈ উৎসাহিত কৰা হৈছে, কিন্তু বিশেষকৈ ৰমাজানৰ শেষ দহকত অধিক কৰিবলৈ উৎসাহিত কৰা হৈছে।
ৰমাজানৰ শেষ দহক আৰম্ভ হয় একৈশ ৰমাজানৰ ৰাতিৰ পৰা ৰমাজানৰ শেষলৈকে।
নেক কৰ্মৰ জৰিয়তে ফজীলতপূৰ্ণ সময়ৰ সদ্ব্যৱহাৰ কৰা মুস্তাহাব তথা পছন্দনীয়।
التصنيفات
ৰমাজানৰ শেষ দহ দিন