إعدادات العرض
তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক…
তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "তোমালোকে নিজৰ চাহিদা মতে পৰ্যাপ্ত খাদ্য আৰু পানীয় পোৱা নাইনে, অথচ মই তোমালোকৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেত ভোক নিবাৰণ কৰিবলৈ এই নিম্নমানৰ শুকান খেজুৰো পোৱা নাছিল।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt Kurdî Magyar ქართული Kiswahili සිංහල Română ไทย Hausa Português मराठी دری አማርኛ ភាសាខ្មែរ ગુજરાતી Nederlands Македонски ਪੰਜਾਬੀ മലയാളം ಕನ್ನಡ తెలుగు မြန်မာ پښتوالشرح
নু’মান ইবনে বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত মানুহক আল্লাহৰ নিয়ামতৰ কথা সোঁৱৰাই দি কৈছে যে, তোমালোক কিমান সুখী আৰু স্বাচ্ছন্দ্য অৱস্থাত আছা। তোমালোকে নিজৰ খোৱা-লোৱা কৰিব পৰা স্বাধীনতা আছে, যিমান পৰিমাণ খাব বিচৰা সিমান পৰিমাণে খাব পাৰা। ইয়াৰ পিছত তেওঁ নবী ﷺ-ৰ অৱস্থা সম্পৰ্কে বৰ্ণনা কৰিছে যে, তেখেত ভোকৰ তাড়না দূৰ কৰিবলৈ তথা পেট ভৰাবলৈ নিম্ন মানৰ শুকান খেজুৰো বিচাৰি পোৱা নাছিল।فوائد الحديث
হাদীছটোত দুনিয়াৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনীহাৰ কথা উল্লেখ হৈছে।
হাদীছটোত পৃথিৱীৰ মোহৰ পৰা বিমুখ হ'বলৈ, আৰু কম পৰিমাণে উপভোগ কৰাৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
মানুহে যিবোৰ নিয়ামত অনুসৰণ কৰি আছে সেইবোৰ স্মৰণ কৰাই দিয়া আৰু সেইবোৰৰ বাবে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা হৈছে।
التصنيفات
পাৰ্থিৱ চাহিদাৰ নিন্দা