যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা…

যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।

আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।

[صحيح] [متفق عليه]

الشرح

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াতটো তিলাৱত কৰিলেঃ هُوَ الَّذِي أَنْزَلَ عَلَيْكَ الْكِتَابَ مِنْهُ آيَاتٌ مُحْكَمَاتٌ هُنَّ أُمُّ الْكِتَابِ وَأُخَرُ مُتَشَابِهَاتٌ فَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ زَيْغٌ فَيَتَّبِعُونَ مَا تَشَابَهَ مِنْهُ ابْتِغَاءَ الْفِتْنَةِ وَابْتِغَاءَ تَأْوِيلِهِ وَمَا يَعْلَمُ تَأْوِيلَهُ إِلَّا اللَّهُ وَالرَّاسِخُونَ فِي الْعِلْمِ يَقُولُونَ آمَنَّا بِهِ كُلٌّ مِنْ عِنْدِ رَبِّنَا وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ} অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। এই আয়াতত মহান আল্লাহে অৱগত কৰাইছে যে, তেৱেঁই নবীৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, য'ত এনেকুৱা আয়াত আছে যিবোৰে স্পষ্টৰূপে অৰ্থ প্ৰকাশ কৰে, যিবোৰৰ দ্বাৰা সহজেই বিধান বুজি পোৱা যায়, যিবোৰ আয়াতৰ অৰ্থত কোনো আসোৱাহ নাই। সেইবোৰেই হৈছে কিতাবৰ মূল তথা উৎস। মতানৈক্যৰ সময়ত সেইবোৰৰ প্ৰতিয়ে প্ৰত্যাৱৰ্তন কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ অধিক অৰ্থ থকাৰ কাৰণে কিছুমান লোকৰ ওচৰত আসোৱাহ লাগে। অথবা বেলেগ আয়াতৰ সৈতে অৰ্থত বৈপৰীত্য থকা বুলি ভাবে। এইসমূহ আয়াতৰ ক্ষেত্ৰত মানুহে কিদৰে অৱস্থান কৰে সেই কথা উল্লেখ কৰি আল্লাহে কৈছে, যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে স্পষ্ট আয়াতসমূহক এৰি মুতাশ্বাবিহ আয়াতসমূহকলৈ নিজৰ ইচ্ছামতে ব্যাখ্যা কৰে। যিবোৰৰ দ্বাৰা সিহঁতে মানুহক গোমৰাহ কৰে তথা পথভ্ৰষ্ট কৰে। কিন্তু গভীৰ জ্ঞানীসকলে ভালদৰেই জানে যে এইবোৰ হৈছে মুতাশ্বাবিহ আয়াত। সেয়ে তেওঁলোকে মুহকাম আয়াতসমূহক অগ্ৰাধিকাৰ দিয়ে। আৰু এইবোৰ আয়াত সম্পৰ্কে তেওঁলোকে ঈমান পোষণ কৰে যে এইবোৰ হৈছে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। গতিকে আল্লাহৰ আয়াতত কোনো বৈপৰীত্য নাই। সুস্থ বিবেক সম্পন্ন লোকসকলেহে এই কথা বুজি পায় তথা ইয়াৰ পৰা শিক্ষা লয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উম্মুল মুমিনীন আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাক কৈছেঃ তুমি যদি কোনো এনেকুৱা লোকক দেখা পোৱা, যিয়ে মুতাশ্বাবিহ আয়াতৰ অনুসৰণ কৰে তেন্তে জানিবা সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে {فأما الذين في قلوبهم زيغ} গতিকে সিহঁতৰ পৰা সতৰ্ক থাকিবা আৰু সিহঁতৰ কথা নুশুনিবা।

فوائد الحديث

কোৰআনৰ সেইবোৰ আয়াতক মুহাকাম আয়াত বুলি কোৱা হয়, যিবোৰ আয়াতৰ ভাৱাৰ্থ স্পষ্ট আৰু সহজেই বুজিব পাৰি। আনহাতে মুতাশ্বাবিহ আয়াত সেইসমূহক কোৱা হয়, যিবোৰ আয়াতৰ একাধিক অৰ্থ আছে তথা যিবোৰ জানিবলৈ চিন্তা-চৰ্চা তথা গৱেষণাৰ প্ৰয়োজন।

বক্ৰপন্থী আৰু বিদআতপন্থীৰ পৰা সতৰ্ক কৰা হৈছে, যিসকলে মানুহৰ মাজত জটিল বিষয়বোৰ উত্থাপন কৰি সংশয়ত পেলায় তথা মানুহক বিপথে পৰিচালিত কৰে।

আয়াতৰ শেষত মহান আল্লাহে কৈছেঃ {وما يذكر إلا أولو الألباب} অৰ্থঃ দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। ইয়াৰ দ্বাৰা আল্লাহে বক্ৰপথ অৱলম্বনকাৰীসকলক নসাৎ কৰিছে আৰু উচ্চ জ্ঞানসম্পন্ন লোকসকলৰ প্ৰশংসা কৰিছে, অৰ্থাৎ এইটো বুজাইছে যে, যিসকলে শিক্ষা নলয় তথা উপদেশ গ্ৰহণ নকৰে আৰু যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে সিহঁত জ্ঞান-বুদ্ধিসম্পন্ন লোক নহয়।

মুতাশ্বাবিহাতৰ অনুসৰণ হৈছে বিভ্ৰান্ত হোৱাৰ অন্যতম কাৰণ।

যিবোৰ আয়াতৰ অৰ্থ আসোৱাহযুক্ত তথা সহজে বুজিব নোৱাৰি সেইবোৰ আয়াতৰ বিপৰীতে মুহকাম তথা স্পষ্ট আয়াতৰ প্ৰতি মনোযোগ প্ৰদান কৰা জৰুৰী।

মহান আল্লাহে কোৰআনৰ কিছুমান আয়াতক মুহকাম আৰু কিছুমান আয়াতক মুতাশ্বাবিহ হিচাপে ৰাখিছে, যাতে ইয়াৰ দ্বাৰা আহলে ঈমান আৰু গোমৰাহ তথা বিভ্ৰান্ত লোকসকলক পাৰ্থক্য কৰিব পৰা যায়।

কোৰআনত মুতাশ্বাবিহ আয়াত থকাৰ অন্যতম আৰু এটা কাৰণ হৈছে, উলামাসকলক আন আন লোকৰ ওপৰত প্ৰাধান্য দিয়া। বিবেকক তাৰ ত্ৰুটি সম্পৰ্কে অৱগত কৰা, যাতে নিজৰ অক্ষমতাক স্বীকাৰ কৰি প্ৰতিপালকৰ ওচৰত নতমস্তক হ'ব পাৰে।

গভীৰ জ্ঞান অৰ্জন কৰা আৰু সেই ক্ষেত্ৰত অটল থকাৰ গুৰুত্ব।

{ وما يعلم تأويله إلا الله والراسخون في العلم } অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আনহাতে যিসকল জ্ঞানত সুগভীৰ, এই সম্পৰ্কে তাফছীৰবিদসকলৰ দুটা অভিমত আছে, এই আয়াতত আল্লাহ শব্দত অকফ কৰিলে তাৱীলৰ অৰ্থ হ'ব, যি বিষয়ৰ প্ৰকৃত জ্ঞান আল্লাহৰ বাহিৰে আন কোনেও নাজানে, আৰু সেইটো জনাৰ কোনো উপায়ো নাই, যেনে- ৰূহ, ক্বিয়ামত যিবোৰৰ প্ৰকৃত জ্ঞান আল্লাহে গোপন ৰাখিছে, তেওঁৰ বাহিৰে আন কোনেও নাজানে, আৰু গভীৰ জ্ঞানী লোকসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু ইয়াৰ বাস্তৱতাক আল্লাহৰ ওপৰত এৰি দিয়ে, ফলত তেওঁলোক বিভ্ৰান্ত হোৱাৰ পৰা নিৰাপদ থাকে। আনহাতে যদি আয়াতটোত থকা আল্লাহ শব্দত অকফ কৰা নহয়, তেতিয়া তাৱীলৰ অৰ্থ হ'ব, তাফছীৰ, আৱিষ্কাৰ, বিস্তাৰিত বৰ্ণনা আদি। অৰ্থাৎ এনেকুৱা বিষয়, যি বিষয়ে আল্লাহ অৱগত, লগতে জ্ঞানীসকলেও অৱগত। ফলত তেওঁলোকে বিষয়টোৰ প্ৰতি ঈমান পোষণ কৰে আৰু মুহকাম আয়াতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰে।

التصنيفات

অন্তৰৰ ব্যাধিসমূহ, প্ৰবৃত্তি আৰু বেয়া বাসনাৰ নিন্দা, আয়াতসমূহৰ তাফছীৰ