إعدادات العرض
তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল।
তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল।
চুহাইব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল। সেই যাদুকৰজন বৃদ্ধ অৱস্থাত উপনীত হোৱাত, তেওঁ ৰজাক ক'লে যে, মই বৃদ্ধ বয়সত উপনীত হৈছোঁ, সেয়েহে কোনো এজন যুৱকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক, যাতে মই তাক যাদুবিদ্যা শিকাই থৈ যাব পাৰোঁ। এই কথা শুনি ৰজাই এজন যুৱকক তাৰ ওচৰত যাদুবিদ্যা শিকিবলৈ পঠিয়াব ধৰিলে। যুৱকজনৰ যাত্ৰাপথত এজন ধৰ্মযাজক আছিল। যুৱকজনে যেতিয়া সেই পথেৰে গৈছিল, তেতিয়া সেই ধৰ্মযাজকজনৰ ওচৰত বহিছিল আৰু তেওঁৰ কথা শুনিছিল। যুৱকজনে তেওঁৰ কথা শুনি মুগ্ধ হ'ল। সেয়ে যুৱকজনে যেতিয়াই যাদুকৰৰ ওচৰলৈ গৈছিল, যোৱাৰ সময়ত সদায় সেই ধৰ্মযাজকৰ ওচৰত বহিছিল। (কিন্তু পলম হোৱাৰ কাৰণে) যেতিয়া যাদুকৰৰ ওচৰলৈ আহিছিল, যাদুকৰজনে যুৱকজনক প্ৰহাৰ কৰিছিল। যুৱকজনে এই বিষয়টো ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া তেওঁ তাক উপায় প্ৰদান কৰি ক’লে যে, যদি তুমি যাদুকৰক ভয় পোৱা, তেন্তে ক’বা যে, ঘৰৰ মানুহে আহিব দিয়া নাছিল। আনহাতে যদি তুমি পৰিয়ালৰ ফালৰ পৰা আশংকা অনুভৱ কৰা, তেন্তে ক’বা, যাদুকৰে পলমকৈ ছুটি দিছে। এইদৰে চলি আছিল, এদিন হঠাৎ যুৱকজনে এটা ভয়ানক হিংস্ৰ প্ৰাণীৰ সন্মুখীন হ'ল, যিয়ে অহা যোৱা কৰা বাটৰুৱাৰ পথ অৱৰোধ কৰি ৰাখিছিল। এই অৱস্থা দেখি, সি মনে মনে ভাবিলে যে, আজিয়ে প্ৰমাণিত হ'ব, কোন উত্তম, যাদুকৰ নে ধৰ্মযাজক? ইয়াৰ পিছত যুৱকজনে এটা শিল হাতত লৈ ক’লে, হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজন যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয়, তেন্তে এই শিলৰ আঘাতত এই হিংস্ৰ প্ৰাণীটোক হত্যা কৰি পেলোৱা, যাতে মানুহে চলাচল কৰিব পাৰে। তাৰ পিছত সি সেই প্ৰাণীটোৰ ফালে লক্ষ্য কৰি সেই শিলটো নিক্ষেপ কৰিলে আৰু প্ৰাণীটো নিহত হ'ল। ফলত, মানুহে পুনৰ যাতায়াত আৰম্ভ কৰিলে। ইয়াৰ পিছত সেই যুৱকজনে ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ ঘটনা বিৱৰি ক’লে। তেতিয়া ধৰ্মযাজকজনে ক’লে, হে মোৰ প্ৰিয় শিষ্য! আজিৰ পৰা তুমি মোতকৈও শ্রেষ্ঠ। তোমাৰ মর্যাদা ইমান উচ্চ পৰ্যায়লৈ উপনীত হৈছে যে, তুমি শীঘ্ৰেই পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা, তেন্তে মোৰ কথা গোপন ৰাখিবা। ইপিনে যুৱকজনে আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠৰোগীসকলক আৰোগ্য প্ৰদান কৰিবলৈ ধৰিলে আৰু মানুহৰ বিভিন্ন বেমাৰ-আজাৰ নিৰাময় কৰিবলৈ ধৰিলে। ৰজাৰ পৰিষদবৰ্গৰ এজন ব্যক্তি অন্ধ হৈ পৰিছিল। তেওঁ এই সংবাদ শুনাৰ পিছত বহুতো উপহাৰ আৰু দান-দক্ষিণা লৈ যুৱকজনৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক’লে, তুমি যদি মোক আৰোগ্য প্ৰদান কৰিব পাৰা, তেন্তে এই সকলো সম্পদ তোমাক প্ৰদান কৰিম। এই কথা শুনি যুৱকজনে উত্তৰ দিলে যে, মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ, আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰিব পাৰে। তুমি যদি আল্লাহৰ ওপৰত ঈমান পোষণ কৰা, তেন্তে মই আল্লাহৰ ওচৰত দু’আ কৰিম, তেওঁ তোমাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওপৰত ঈমান আনিলে, ফলত আল্লাহে তেওঁক আৰোগ্য প্ৰদান কৰিলে। তাৰ পিছত, সেই ব্যক্তি গৰাকী অন্যান্য দিনৰ দৰে এদিন ৰজাৰ বৈঠকত আহি বহিল। ৰজাই তেওঁক প্ৰশ্ন কৰিলে যে, কোনে তোমাক তোমাৰ দৃষ্টিশক্তি ওভোতাই দিলে? তেওঁ ক'লে, মোৰ প্ৰতিপালকে। এই উত্তৰ শুনি ৰজাই পুনৰ প্ৰশ্ন কৰিলে। মোৰ বাহিৰে তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ উত্তৰ দিলে, মোৰ আৰু আপোনাৰ তথা সকলোৰে প্ৰতিপালক (ৰব্ব) হৈছে মহান আল্লাহ। এই উত্তৰ শুনি, ৰজাই তেওঁক বন্দী কৰি অবিৰাম শাস্তিৰ নিৰ্দেশ দিলে। অৱশেষত তেওঁ সেই যুৱকজনৰ বিষয়ে ৰজাক জনাই দিলে, আৰু তাৰ পিছত সেই যুৱকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল। ৰজাই যুৱকজনক সুধিলে, হে বালক! তোমাৰ যাদু এতিয়াই ইমান পৰ্যায়লৈ উপনীত হৈছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য প্ৰদান কৰিব পাৰা! যুৱকজনে ক'লে, মই কাকো আৰোগ্য দান কৰিব নোৱাৰোঁ। আৰোগ্য প্ৰদান কৰে কেৱল আল্লাহে। এই উত্তৰ শুনি, ৰজাই তাক কঠোৰ শাস্তি দিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি, যুৱকজনে অৱশেষত ধৰ্মযাজকৰ কথা ৰজাক জনাই দিলে। তাৰ পিছত, ধৰ্মযাজকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল আৰু তেওঁক কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এটা কৰত আনিবলৈ নিৰ্দেশ দিলে আৰু সেইটো তেওঁৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ দুফাল কৰি পেলালে। ইয়াৰ পিছত, সেই যুৱকজনকো উপস্থিত কৰা হ’ল, আৰু তাকো কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। সি অস্বীকাৰ কৰিলে। ফলত ৰজাই কেইজনমান লোকক নিৰ্দেশ দিলে যে, ইয়াক অমুক পৰ্বতলৈ লৈ যোৱা, আৰু ইয়াকলৈ সেই পৰ্বতৰ শৃংগত আৰোহণ কৰি ইয়াৰ পৰা স্বীকাৰোক্তি লোৱা, যদি ই নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে ভাল, নহ’লে ইয়াক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিবা। ইয়াৰ পিছত সিহঁতে তেওঁক লৈ সেই পৰ্বতত আৰোহণ কৰিলে। তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যিদৰে ইচ্ছা, সেইদৰে মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত পৰ্বত কঁপিবলৈ ধৰিলে, ফলত সিহঁত পাহাৰৰ পৰা তললৈ লুটি খাই পৰি গ’ল, আৰু যুৱকজন ৰক্ষা পৰিল। ইয়াৰ পিছত যুৱকজন পুনৰ ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল। ৰজাই তাক দেখি আশ্চৰ্য হৈ প্ৰশ্ন কৰিলে, তোমাৰ লগৰ বিলাক ক’ত? তেওঁ ক'লে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত ৰজাই আকৌ তেওঁৰ কিছুমান সহচৰৰ হাতত সেই যুৱকজনক সমৰ্পণ কৰি ক’লে, তোমালোকে ইয়াক নাৱত উঠাই সাগৰৰ মাজত লৈ যোৱা। তাৰ পিছতো যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে তোমালোকে ইয়াক সাগৰত নিক্ষেপ কৰিবা। সিহঁতে যুৱকজনক লগতলৈ সাগৰত গ’ল। যুৱকজনে পুনৰ আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা, তেনেকৈ মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত নাও ওলটি গ’ল। ফলত সিহঁত পানীত ডুবি মৰিল, আৰু যুৱকজন সিহঁতৰ পৰা ৰক্ষা পাই ৰজাৰ ওচৰলৈ উভতি আহিল। ৰজাই আচৰিত হৈ তেওঁক সুধিলে, তোমাৰ সহচৰসকল ক’ত? যুৱকজনে উত্তৰ দিলে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। তাৰ পিছত যুৱকজনে ৰজাক ক’লে যে, আপুনি মোক হত্যা কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মই দিয়া পদ্ধতি অনুসৰণ নকৰিব। ৰজাই সুধিলে, সেইটো আকৌ কি পদ্ধতি? যুৱকজনে ক’লে, এটা বৃহৎ ময়দানত আপুনি সকলো মানুহকে একত্ৰিত কৰক। তাৰ পিছত এটা কাঠৰ শূলত মোক ওলোমাই ৰাখক, আৰু মোৰ কাঁড় বাকচৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি উচ্চস্বৰে এইটো পাঠ কৰিব بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ")। যদি আপুনি এইটো পদ্ধতি অনুসৰণ কৰে, তেন্তে আপুনি মোক হত্যা কৰিব পাৰিব। ৰজাই যুৱকৰ কথা অনুসৰি সকলো মানুহকে একত্ৰিত কৰিলে আৰু তেওঁক কাঠৰ শূলত উঠাই দিলে। তাৰ পিছত যুৱকজনৰ কাঁড় বাকচৰ পৰা এটা কাঁড় লৈ ধেনুৰ মাজত ৰাখিলে আৰু উচ্চস্বৰে بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ") বুলি কৈ কাঁড় নিক্ষেপ কৰিলে। ফলত কাঁড়টো যুৱকজনৰ কাণৰ তলৰ অংশত গৈ লাগিল। যুৱকজনে কাঁড়বিদ্ধ স্থানত নিজৰ হাত ৰখাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি, উপস্থিত সকলো মানুহে একেলগে চিঞৰি উঠিল, آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ ("আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। এই দৃশ্য দেখি ৰজাৰ অনুগামীসকলে ৰজাক আহি জনালে যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে সত্যত পৰিণত হৈছে। সমগ্ৰ ৰাজ্যৰ মানুহে যুৱকজনৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। গাঁতসমূহ খনন কৰা হ’ল আৰু তাত অগ্নি প্রজ্বলিত কৰা হ’ল। ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। অথবা ৰজাই কৈছিল যে, সেই ব্যক্তি যেন নিজেই অগ্নিত জাঁপ মাৰে। লোকসকলে সেইটোৱে কৰিলে, অৰ্থাৎ নিজে নিজে জঁপিয়ালে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia اردو 中文 हिन्दी Kurdî Русский Tiếng Việt Magyar ქართული Kiswahili සිංහල Românăالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আমাৰ পূৰ্বে অতিবাহিত হোৱা লোকসকলৰ মাজত এনেকুৱা এজন ৰজা আছিল, যাৰ নিজস্ব এজন যাদুকৰ আছিল। সেই যাদুকৰজন যেতিয়া বৃদ্ধ অৱস্থাত উপনীত হ'ল, তেতিয়া ৰজাৰ ওচৰত আহি আবেদন কৰি ক'লেঃ মই বৃদ্ধ হৈ পৰিছোঁ। গতিকে মোৰ ওচৰলৈ এজন যুৱকক প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক, যাতে মই তাক মোৰ যাদু বিদ্যা শিকাব পাৰোঁ। সেয়ে ৰজাই এজন যুৱকক নিয়োজিত কৰিলে সেই যাদুকৰৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ। যুৱকজন যিটো পথেৰে অহা যোৱা কৰিছিল, সেই পথতে আছিল এজন ধৰ্মযাজক। এবাৰ সেই যুৱকজন ধৰ্মযাজকজনৰ ওচৰত বহিলে আৰু তেওঁৰ কথা শুনিলে। তেওঁৰ কথাবোৰ শুনি যুৱকজন মুগ্ধ হ’ল। সেয়ে যুৱকজন যেতিয়াই যাদুকৰৰ ওচৰলৈ যাবলৈ ওলাই আহিছিল, তেতিয়াই ধৰ্মযাজকজনৰ ওচৰত সময় কটাই বহুতো কথা শিকিছিল। ইপিনে যাদুকৰৰ ওচৰলৈ অহাত পলম হোৱাত যাদুকৰে তাক শাসনমূলক প্ৰহাৰ কৰিছিল। কথাটো সি ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া ধৰ্মযাজকজনে ক'লেঃ যদি যাদুকৰে তোমাক কিবা কয় তেন্তে ক'বাঃ ঘৰত অসুবিধা আছিল কাৰণে পলম হৈছে, আৰু ঘৰৰ মানুহে সুধিলে ক'বাঃ যাদুকৰে পলমকৈ ছুটি দিছে। এই অৱস্থা চলি থকাৰ সময়তে যুৱকজন এদিন এটা প্ৰকাণ্ড জন্তুৰ সন্মুখীন হ’ল, যিটো ৰাস্তাত অৱস্থান কৰি থকাৰ কাৰণে মানুহৰ পথ অৱৰোধ কৰি আছিল। তেতিয়া যুৱকজনে ভাবিলে, আজিয়ে সঠিক সময় এইটো পৰীক্ষা কৰাৰ যে, যাদুকৰ উত্তম নে সেই ধৰ্মযাজকজন উত্তম? এই বুলি যুৱকজনে এটা শিল হাতত তুলি ল'লে আৰু ক'লেঃ হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজনৰ বিষয়টো যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয় তেন্তে তুমি এই প্ৰাণীটোক ইয়াৰ দ্বাৰা হত্যা কৰা, যাতে মানুহে অহা যোৱা কৰিব পাৰে। এই বুলি কৈ যুৱকজনে শিলটো দলিয়ালে আৰু লগে লগে প্ৰাণীটো মৃত্যুবৰণ কৰিলে। তেতিয়া যুৱকজন ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ বিষয়টো বিৱৰি ক'লে। কথাবোৰ শুনি ধৰ্মযাজকে ক'লেঃ হে মোৰ প্ৰিয় শিষ্য! আজি তুমি মোতকৈও উত্তম। মোৰ দৃষ্টিত তুমি চূড়ান্ত পৰ্যায়ত উপনীত হৈছা। শীঘ্ৰেই তুমি পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা তেন্তে মোৰ নাম উচ্চাৰণ নকৰিবা। ইয়াৰ পিছত সেই যুৱকজন আল্লাহৰ ইচ্ছাত অন্ধ আৰু কুষ্ঠৰোগীসকলক সুস্থ কৰিবলৈ তথা চিকিৎসা কৰিবলৈ ধৰিলে। ইপিনে ৰজাৰ পৰিষদবৰ্গৰ এজন লোকৰ বেমাৰত দৃষ্টিশক্তি নোহোৱা হৈছিল। এই যুৱকজনৰ চিকিসা সম্পৰ্কে গম পাই তেওঁৰ ওচৰলৈ বহুতো উপহাৰ উপঢৌকনলৈ উপস্থিত হ'ল আৰু আহি ক'লেঃ যদি তুমি মোক সুস্থ কৰি তুলিব পাৰা, তেন্তে এই সকলোবোৰ উপহাৰ তোমাৰ। যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য কৰিব নোৱাৰোঁ, বৰং আৰোগ্য কেৱল আল্লাহে দান কৰে। এতেকে যদি আপুনি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰিম, তেওঁ আপোনাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, ফলত আল্লাহে তেওঁক শ্বিফা দান কৰে। আৰোগ্য লাভ কৰাৰ পিছত তেওঁ ৰজাৰ বৈঠকত পূৰ্বে যিদৰে অংশগ্ৰহণ কৰিছিল সেইদৰে আহি উপস্থিত হ'ল। ৰজাই তেওঁক দেখি ক'লেঃ তোমাৰ দৃষ্টিশক্তি কেনেকৈ আৰু কোনে ওভোতাই দিলে? তেওঁ ক'লেঃ মোৰ প্ৰতিপালকে ওভোতাই দিছে। তেতিয়া তেওঁ ক'লেঃ মোৰ বাহিৰেও তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ ক'লেঃ মোৰ আৰু আপোনাৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ। এই কথা শুনাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰু শাস্তি বিহা আৰম্ভ কৰা হ'ল। অৱশেষত শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনৰ বিষয়ে কৈ দিলে। যুৱকজনক উপস্থিত কৰা হ'ল। ৰজাই যুৱকজনক সুধিলেঃ হে যুৱক! তোমাৰ যাদু বিদ্যা ইমান উচ্চ শিখৰ পাইছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য কৰিব পাৰা, লগতে এই এই কাম কৰা! যুৱকজনে ক'লেঃ মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ। বৰং আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰে। এই কথা শুনাৰ পিছত যুৱকজনকো গ্ৰেপ্তাৰ কৰা হ'ল, আৰু যুৱকজনকো অবিৰাম শাস্তি বিহিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি যুৱকজনে ধৰ্মযাজকৰ সন্ধান দিলে। ধৰ্মযাজকক উপস্থিত কৰা হ'ল আৰু তেওঁক কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এখন কৰত আনিবলৈ কোৱা হ'ল আৰু সেইখন ধৰ্মযাজকৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ ফালি পেলালে। ইয়াৰ পিছত ৰজাৰ পৰিষদবৰ্গৰ সেই ব্যক্তিকো উপস্থিত কৰা হ'ল, আৰু তেওঁকো কোৱা হ'ল যে, তুমি তোমাৰ ধৰ্ম ত্যাগ কৰা। তেৱোঁ অস্বীকাৰ কৰিলে। ফলত তেওঁৰ ওপৰতো কৰত ৰাখি তেওঁৰ মূৰ ফালি পেলোৱা হ'ল। ইয়াৰ পিছত যুৱকজনক উপস্থিত কৰা হ'ল আৰু তাকো ধৰ্ম ত্যাগ কৰিবলৈ কোৱা হ'ল, সিও প্ৰত্যাখ্যান কৰিলে। ফলত ৰজাই তাক কেইজন মান লোকৰ হাতত অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াকলৈ অমুক পৰ্বতৰ শৃংগত আৰোহণ কৰা, আৰু তাত উঠাৰ পিছত ইয়াক ধৰ্ম ত্যাগ কৰাৰ আদেশ দিবা, যদি সি নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে একো নকৰিবা আৰু যদি অস্বীকাৰ কৰে, তেন্তে ইয়াক গতিয়াই পেলাই দিবা। তেওঁলোকে তাক লগত লৈ গ'ল আৰু পৰ্বতৰ ওপৰত আৰোহণ কৰিলে। সেই সময়ছোৱাত যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰি ক'লেঃ হে আল্লাহ! তুমি যিদৰে ইচ্ছা, ইহঁতৰ পৰা মোক ৰক্ষা কৰা। লগে লগে পৰ্বত ভয়ংকৰ ৰূপত কঁপিবলৈ ধৰিলে, আৰু সিহঁত আটায়ে বাগৰি পৰিল। ইপিনে যুৱকজন সুৰক্ষিত অৱস্থাত ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। যুৱকজনক দেখি ৰজাই ক'লেঃ তোমাৰ লগৰবোৰ ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত তেওঁ আকৌ কেইজনমান লোকৰ হাতত সেই যুৱকজনক অৰ্পণ কৰিলে, আৰু ক'লেঃ ইয়াক সৰু এখন জাহাজত তুলি সাগৰৰ মাজত লৈ যাবা, যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে ইয়াক সাগৰত পেলাই দিবা। সিহঁতে কথা মতেই কাম কৰিলে, যুৱকজনক লৈ ৰাওনা হ'ল, তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দুআ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা ইহঁতৰ হাতৰ পৰা মোক ৰক্ষা কৰা। হঠাৎ জাহাজখন ওলটি গ'ল আৰু সিহঁত আটায়ে ডুবি মৰিল আৰু যুৱকজনক ৰক্ষা কৰা হ'ল, যুৱকজন পুনৰ ৰজাৰ ওচৰত আহি উপস্থিত হ'ল। ৰজাই যুৱকজনক দেখি আচৰিত হৈ ক'লেঃ তোমাৰ লগত যোৱা লোকসকল ক'ত? যুৱকজনে ক'লেঃ আল্লাহে মোক সিহঁতৰ পৰা ৰক্ষা কৰিছে। লগতে যুৱকজনে ৰজাক ক'লেঃ আপুনি মোক হত্যা কৰিব নোৱাৰিব, মই যিটো পদ্ধতি আপোনাক শিকাম, সেইটো অবিহনে মোক হত্যা কৰাটো অসম্ভৱ। ৰজাই ক'লেঃ সেইটোনো আকৌ কি পদ্ধতি? যুৱকজনে ক'লেঃ আপুনি এখন ময়দানত লোকসকলক একত্ৰিত কৰক আৰু মোক এটা গছৰ কাণ্ডত ওলমাই ৰাখক, আৰু মোৰ শৰাশ্ৰয়ৰ পৰা এটা শৰ উলিয়াই ধেনুত ৰাখি باسم الله رب الغلام (এই যুৱকৰ প্ৰতিপালক আল্লাহৰ নামত আৰম্ভ কৰিছোঁ) এইটো পাঠ কৰি মোৰ প্ৰতি কাঁড় নিক্ষেপ কৰিব। যদি আপুনি এইটো পদ্ধতি অৱলম্বন কৰে তেতিয়াহে মোক হত্যা কৰিব পাৰিব। এই কথা শুনি ৰজাই সকলোকে একত্ৰিত কৰিলে আৰু যুৱকজনক গছৰ কাণ্ডত ওলমাই ৰাখিলে, আৰু যুৱকজনৰ কঁড়ীয়াৰ পৰা এটা কাঁড় উলিয়াই ধেনুৰ মাজত ৰাখি ক’লেঃ باسم الله رب الغلام (মই আৰম্ভ কৰিছোঁ, আল্লাহৰ নামত যিজন এই যুৱকৰ প্ৰতিপালক) আৰু কাঁড় নিক্ষেপ কৰিলে। ফলত লগে লগে সেই কাঁড়টো গৈ যুৱকজনৰ চকু আৰু কাণৰ মধ্যৱৰ্তী ঠাইক ভেদ কৰিলে। যুৱকজনে নিজৰ হাত সেই ঠাইত স্পৰ্শ কৰাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি উপস্থিত লোকসকলে একে ধ্বনিত কৈ উঠিলঃ آمنا برب الغلام، آمنا برب الغلام، آمنا برب الغلام. ("আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি এই বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। লগে লগে এই সংবাদ ৰজাক জনোৱা হ'ল, আৰু তেওঁক কোৱা হ'ল যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে হৈছে। শপত খাই কৈছোঁ, আপুনি যিটো আশংকা কৰিছিল অৰ্থাৎ মানুহে যেন যুৱকজনৰ অনুসৰণ নকৰে কিন্তু এতিয়া সেইটোৱে হৈছে, সকলোৱে যুৱকজনৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত প্ৰকাণ্ড গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। লগতে সেই গাঁতসমূহত অগ্নি প্রজ্বলিত কৰি বৃহৎ অগ্নিকুণ্ড তৈয়াৰ কৰাৰ নিৰ্দেশ দিলে। লগতে ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। এতেকে কথা মতেই কাম, ৰজাৰ নিৰ্দেশ পালন কৰিবলৈ ধৰিলে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। শিশুক কোলাতলৈ জুইত জঁপিয়াবলৈ অপছন্দ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত।’فوائد الحديث
হাদীছটোৰ দ্বাৰা অলীসকলৰ কাৰামত সাব্যস্ত হয়। কাৰণ এজন বালকৰ শিল নিক্ষেপত এটা প্ৰকাণ্ড জন্তুৰ হত্যা, দুবাৰ দুবাৰকৈ বালকৰ দুআ কবূল হোৱা আৰু কোলাত থকা শিশুৱে কথা কোৱা, এইবোৰ হৈছে অলীসকলৰ কাৰামত।
যিয়ে মহান আল্লাহৰ প্ৰতি তাৱাক্কুল কৰে, তাৰ বিজয় নিশ্চিত।
হাদীছটোত দ্বীনৰ ওপৰত অবিচল থকা আৰু ধৈৰ্য্য ধাৰণৰ মৰ্যাদাৰ বৰ্ণনা দিয়া হৈছে।
শিক্ষাৰ ক্ষেত্ৰত হিকমত হৈছে সৰু বয়সত শিক্ষা গ্ৰহণ কৰা। কাৰণ সৰু বয়সত তৰুণসকলে বয়স্ক লোকৰ তুলনাত অধিক দ্ৰুত মুখস্ত কৰিব পাৰে।
হাদীছটোৰ দ্বাৰা এই যুৱকজনৰ ঈমানৰ শক্তি প্ৰমাণিত হয়, যাৰ ঈমান বিচ্যুতও হোৱা নাছিল, আৰু পৰিবৰ্তনও হোৱা নাছিল।
নিৰুপায় ব্যক্তিয়ে যেতিয়া আল্লাহৰ ওচৰত দুআ কৰে, তেতিয়া মহান আল্লাহে তেওঁৰ দুআ কবূল কৰে।
সৰ্বসাধাৰণ মুছলিমৰ স্বাৰ্থত কোনো ব্যক্তিয়ে নিজকে বিসৰ্জন দিয়াটো বৈধ। কাৰণ যুৱকজনে ৰজাক যিটো পদ্ধতিৰ কথা কৈছিল সেইটোৰ দ্বাৰা যুৱকজন নিহত হোৱাটো আৰু ধ্বংস হোৱাটো নিশ্চিত। সেই পদ্ধতিটো আছিল এনেকুৱা যে, যাতে যুৱকজনক শৰাশ্ৰয়ৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি এই কথা উচ্চাৰণ কৰি নিক্ষেপ কৰেঃ باسم الله رب الغلام (হে আল্লাহ! মই তোমাৰ নামত আৰম্ভ কৰিলোঁ, তুমিয়ে এই বালকৰ প্ৰতিপালক)।
এইদৰে যুদ্ধ বা অনুৰূপ পৰিস্থিতিত আৰু নিজকে ধ্বংসৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত মিছা কথা কোৱা বৈধ।
সত্যৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ ক্ষেত্ৰত আৰু প্ৰকৃত ঈমান নিৰূপণ কৰাৰ ক্ষেত্ৰত মুমিনক পৰীক্ষা কৰা হয়। যদিও এই ক্ষেত্ৰত নিজৰ জীৱন ধ্বংস কৰিবলগীয়া হয়।
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত আৰু সত্য প্ৰকাশৰ ক্ষেত্ৰত নিজকে উৎসৰ্গ কৰিব লাগে।
বান্দাসকলৰ হৃদয় থাকে আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে হিদায়ত দিয়ে আৰু তেওঁ যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে। যেনে- সেই যুৱকজন যাদুকৰৰ ৰক্ষণাবেক্ষণত থকাৰ পিছতো আৰু ৰজাৰ তত্ত্বাৱধানত থকাৰ পিছতো হিদায়ত লাভ কৰিছে।
বান্দাই মহান আল্লাহৰ ওচৰত এনেকুৱা সংকেত বিচাৰি দুআ কৰা বৈধ, যিটোৰ দ্বাৰা তেওঁ জানিব পাৰিব যে, এইটো সঠিক আৰু তেওঁ নিশ্চয়তা অৰ্জন কৰিব।
প্ৰকৃত মুমিনসকলে আল্লাহে প্ৰদান কৰা তথা নিয়ামত হিচাপে দান কৰা প্ৰতিটো বস্তুকে দ্বীনৰ সেৱাৰ ক্ষেত্ৰত আৰু তেওঁৰ পথত আহ্বান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে।
ধ্বংসৰ কাৰণসমূহ হৈছে আল্লাহৰ হাতত। তেওঁ ইচ্ছা কৰিলে সেইবোৰ বাস্তৱায়ন কৰে আৰু ইচ্ছা কৰিলে সেইবোৰ বিনষ্ট কৰি দিয়ে।
কাফিৰসকলে ঈমান পোষণ কৰাৰ ক্ষেত্ৰত, যুক্তি প্ৰমাণৰ কোনো অভাৱ নাই, কিন্তু সিহঁতে কুফৰী কৰে কেৱল নিজৰ অহংকাৰ আৰু স্বৈৰাচাৰী স্বভাৱৰ কাৰণে।
অন্যায়-অত্যাচাৰী যালিম তাগুতসকলে এই পৃথিৱীৰ সুখ শান্তি তথা ভোগ-বিলাস উপভোগ কৰিবলৈ সকলো মানুহকে হত্যা কৰিবলৈ প্ৰস্তুত।
মহান আল্লাহে অন্যায়-অত্যাচাৰকাৰীক এনেকুৱা ঠাইৰ পৰা শাস্তি দিয়ে, যিটোক সি কল্পনাও কৰিব নোৱাৰে। যেনে- যুৱকজনৰ দৃঢ়তা আৰু আহ্বানৰ ক্ষেত্ৰত তেওঁৰ সততা লগতে আল্লাহৰ প্ৰতি আহ্বানত তিৰস্কাৰকাৰীৰ তিৰস্কাৰক ভ্ৰূক্ষেপ নকৰা দেখি সকলো মানুহে সেই যুৱকজনৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছিল।
ইয়াৰ দ্বাৰা এইটোও বুজায় যে, ঈছা আলাইহিচ্ছালামৰ বাহিৰে বেলেগেও দোলনাত থকা অৱস্থাত কথা কৈছিল। এই হাদীছটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেই হাদীছটোৰ ব্যাখ্যা কৰে, য'ত তেখেতে কৈছেঃ "কেৱল মাত্ৰ তিনিজনেহে দোলনাত থকা অৱস্থাত কথা কৈছে।" এওঁলোকৰ কথা উল্লেখ কৰি তেখেতে কৈছে যে, সেই তিনিওজন আছিল বনী ইছৰাঈলৰ।