إعدادات العرض
যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।
যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।
মা'ক্বিল বিন য়াছাৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "যুদ্ধ-বিগ্ৰহ তথা ফিতনা ফাছাদৰ সময়ত ইবাদত কৰাটো হৈছে, মোৰ ফালে হিজৰত কৰাৰ দৰে।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල Hausa Kurdî Português தமிழ் Kiswahili ગુજરાતી Nederlands አማርኛ മലയാളം ไทย Românăالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, ফিতনা ফাছাদৰ সময়ত তথা যুদ্ধ বিগ্ৰহৰ সময়ছোৱাত, যেতিয়া মানুহৰ মাজত অৰাজকতাৰ সৃষ্টি হয় সেই সময়ছোৱাত ইবাদতত মনোনিৱেশ কৰিব লাগে তথা ইয়াক মজবুতভাৱে ধাৰণ কৰিব লাগে, ইয়াৰ ছোৱাব হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফালে হিজৰত কৰাৰ দৰে। কিয়নো এই সময়ছোৱাত সকলোৱে ইবাদতৰ পৰা অমনোযোগী হৈ থাকে। কেৱল আঙুলিত গণিব পৰা লোকৰ বাহিৰে সকলোৱে ইয়াৰ পৰা অমনোযোগী হৈ থাকে।فوائد الحديث
ফিতনাৰ সময়ছোৱাত ফিতনাৰ পৰা সুৰক্ষিত থকাৰ বাবে ইবাদত কৰিবলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোত অমনোযোগিতাৰ সময়ত আৰু ফিতনাৰ সময়ত ইবাদত কৰাৰ ফজীলত বৰ্ণিত হৈছে।
মুছলিম ব্যক্তিৰ বাবে উচিত ফিতনাৰ ঠাই পৰিত্যাগ কৰা, লগতে অমনোযোগিতাৰ পৰা সতৰ্ক থকা উচিত।
التصنيفات
সৎকৰ্ম বা নেক কামৰ গুৰুত্ব