إعدادات العرض
আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।
আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "আজান আৰু ইক্বামতৰ মাজত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Português සිංහල Nederlands Tiếng Việt Kiswahili ગુજરાતી پښتو Română മലയാളം Deutsch नेपाली Кыргызча ქართული Moore Magyar తెలుగు Svenska ಕನ್ನಡ አማርኛ Українська Македонски Kinyarwanda Oromooالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত আজান আৰু ইক্বামতৰ মাজত কৰা দুআৰ ফজীলত উল্লেখ কৰিছে। কাৰণ এই সময়ত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয় আৰু সোনকালে ইয়াৰ প্ৰতি সঁহাৰি দিয়া হয়। গতিকে এই সময়ছোৱাত বেছি বেছি দুআ কৰিব লাগে।فوائد الحديث
এই সময়ছোৱাৰ ফজীলত, দুআ কৰবলৈ এই সময়ছোৱা অত্যন্ত উপযুক্ত।
যদি দুআকাৰীয়ে দুআ কৰাৰ সকলো নিয়ম পালন কৰে, লগতে দুআ কৰাৰ ঠাই আৰু উত্তম সময়ত দুআ কৰে, এইদৰে আল্লাহৰ অবাধ্যতাৰ পৰা বিৰত থাকে, সন্দেহ-সংশয়ৰ পৰা নিজকে আঁতৰাই ৰাখে আৰু আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰে, তেন্তে আল্লাহে বিচাৰিলে নিশ্চয় তাৰ দুআ কবূল হ'ব।
দুআ কবূল হোৱাৰ বিষয়ে মুনাৱী ৰাহিমাহুল্লাহে কৈছেঃ দুআৰ চৰ্তসমূহ, আৰকান আৰু আদাবসমূহ পালনৰ পিছতো যদি দুআ কবূল নহয়, তেন্তে নিজকেই ভৰ্ৎসনা কৰা উচিত, (কাৰণ ক'ৰবাত নহয় ক'ৰবাত নিজৰ ফালৰ পৰাই ত্ৰুটি হৈছে)।
দুআ কবুলৰ অৱস্থাঃ দুআ কৰিলে দুআ হয়তো লগে লগে কবুল হয়, নাইবা সেই অনুপাতে কোনো বিপদ দূৰ কৰি দিয়া হয়। অথবা সেইটো আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হয়। এই প্ৰক্ৰিয়াটো হয় আল্লাহৰ হিকমত আৰু ৰহমত অনুসৰি।