إعدادات العرض
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই…
তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে ইয়াহুদীসকলৰ সৈতে যুদ্ধ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব। (সেই যুদ্ধৰ সময়ত) কোনো ইয়াহুদী শিলৰ পিছফালে লুকাই থাকিলে, সেই শিলে চিঞৰি ক'বঃ হে মুছলিম! এয়া চোৱা মোৰ পিছফালে ইয়াহুদী এজন লুকাই আছে, ইয়াক হত্যা কৰা।
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili ไทย پښتو Shqip دری Ελληνικά Български Fulfulde Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Kurdî Oromoo Wolof Soomaali Français Azərbaycan Tagalog Українська bm தமிழ் Deutsch ქართული Português Македонски Magyar فارسی Русский 中文الشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, ইয়াহুদী আৰু মুছলিমসকলৰ মাজত মহাৰণ নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। অৱশেষত ইয়াহুদীসকলে মুছলিমসকলৰ পৰা পলায়ন কৰি শিলৰ আঁৰত লুকাব। ফলত আল্লাহে শিলকো বাক শক্তি প্ৰদান কৰিব আৰু সি মুছলিমক মাতি ক'ব যে, তাৰ পিছফালে ইয়াহুদী লুকাই আছে, আহি হত্যা কৰাহি।فوائد الحديث
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গায়েব তথা ভৱিষ্যত সম্পৰ্কীয় কিছুমান খবৰ দিছে, যিবোৰৰ বিষয়ে আল্লাহে তেখেতক অৱগত কৰাইছে, আৰু এইবোৰ নিশ্চিতভাৱে সংঘটিত হ'ব।
ইয়াহুদী আৰু মুছলিমসকলৰ মাজৰ এই ৰণ শেষ জামানাত সংঘটিত হ'ব, যিটোক কিয়ামতৰ আলামত হিচাপে উল্লেখ কৰা হৈছে।
হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, ইছলাম ধৰ্মটো কিয়ামত পৰ্যন্ত অৱশিষ্ট থাকিব, লগতে ই সকলো ধৰ্মৰ ওপৰত বিজয় লাভ কৰিব।
এই কথাও বুজা গ'ল যে, মুছলিমসকলৰ শত্ৰুক পৰাস্ত কৰিবলৈ আল্লাহে তেওঁলোকক সহায় কৰিব, সেইকাৰণে শেষ জামানাত শিলেও কথা ক'ব।
التصنيفات
বাৰঝাখী জীৱন