إعدادات العرض
সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।
সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।"
[ছহীহ]
الترجمة
العربية Bosanski English فارسی Français Bahasa Indonesia Русский Türkçe اردو हिन्दी 中文 Kurdî Português Nederlands Tiếng Việt ગુજરાતી Kiswahili አማርኛ پښتو සිංහල Hausa ไทย Tagalog മലയാളം Wolof नेपालीالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কঠোৰ সতৰ্কবাণী দিছে যে, সমকামী ব্যক্তিৰ প্ৰতি তথা যিয়ে স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰে তেনেকুৱা ব্যক্তিৰ প্ৰতি আল্লাহে ৰহমতৰ দৃষ্টিপাত নকৰিব। কাৰণ এইটো হৈছে মহা পাপ।فوائد الحديث
সমকামিতা হৈছে মহা পাপ।
স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰাটোও মহা পাপ।
আল্লাহে দৃষ্টিপাত নকৰিব অৰ্থাৎ ৰহমতৰ দৃষ্টিৰে নাচাব। ইয়াৰ অৰ্থ এইটো নহয় যে, একেবাৰেই নাচাব। কাৰণ আল্লাহৰ পৰা কোনো বস্তুৱে গোপন নহয় আৰু তেওঁৰ দৃষ্টিৰ পৰাও অগোচৰ নহয়।
এইবোৰ কৰ্ম হৈছে মানৱ জীৱনৰ আটাইতকৈ ভয়াৱহ অশ্লীলতা। তথা এইবোৰ হৈছে সুস্থ প্ৰকৃতি আৰু সুস্থ মানসিকতাৰ পৰিপন্থী। লগতে ইয়াৰ ফলত বংশবৃক্ষ বিনষ্ট হয় আৰু পাৰিবাৰিক জীৱনত ব্যাঘাত জন্মে। বিদ্বেষ আৰু শত্ৰুতাৰ বীজ ৰোপণ হয়। নিকৃষ্টতাৰ গহ্বৰত পতিত হয়।
التصنيفات
দণ্ডাত্মক শাস্তিৰ বিধান