إعدادات العرض
পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ…
পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীৰ লজ্জাস্থানক হালাল কৰি লৈছা।
উক্ববাহ বিন আমিৰ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীৰ লজ্জাস্থানক হালাল কৰি লৈছা।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල தமிழ் دری Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Soomaali Moore Українська Български Wolof Azərbaycan ქართული тоҷикӣ bm Oromoo Македонскиالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে উল্লেখ কৰিছে যে, পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে বিবাহৰ সময়ত স্ত্ৰীৰ লজ্জাস্থান হালাল কৰিবলৈ যি চৰ্ত বান্ধি দিছিল সেইটো পূৰণ কৰা। অৰ্থাৎ বিবাহৰ সময়ত স্ত্ৰীৰ ফালৰ পৰা স্বামীক দিয়া যিকোনো বৈধ চৰ্ত ইয়াৰ অন্তৰ্ভুক্ত।فوائد الحديث
স্বামী স্ত্ৰীৰ ফালৰ পৰা ইজনে সিজনক দিয়া চৰ্তসমূহ পূৰণ কৰা অনিবাৰ্য। কিন্তু এনেকুৱা চৰ্ত গ্ৰহণযোগ্য নহয় যি চৰ্তৰ দ্বাৰা হাৰামক হালাল আৰু হালালক হাৰাম কৰা হয়।
অন্যান্য চৰ্তৰ তুলনাত বিবাহৰ সময়ত দিয়া চৰ্ত অধিক গুৰুত্বপূৰ্ণ। কাৰণ এই চৰ্তৰ দ্বাৰা স্ত্ৰীৰ লজ্জাস্থান হালাল কৰা হয়।
ইছলামত বিবাহৰ গুৰুত্ব। সেই কাৰণেই বিবাহৰ চৰ্তক অধিক গুৰুত্ব দিয়া হৈছে।
التصنيفات
বিবাহৰ চৰ্তসমূহ