নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।

নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে (বান্দাসকলক) অৱকাশ দি ভাল পায়, ঠিক সেইদৰে (বান্দাসকলে) তেওঁৰ আদেশসমূহ পালন কৰক এইটোও তেওঁ ভাল পায়।

[ছহীহ] [(ইবনে হিব্বান)]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে (বান্দাসকলক) চৰীয়তৰ বিধি-বিধানত অৱকাশ দি ভাল পায়। যেনে- বিভিন্ন ইবাদতৰ বিধি-বিধান লাঘৱ কৰা, এইদৰে উচিত কাৰণ থকা অৱস্থাত দায়বদ্ধ লোকৰ পৰা বিধান লাঘৱ কৰা যেনে- ভ্ৰমণ অৱস্থাত চালাত কচৰ কৰা তথা দুই নামাজ একেলগে পঢ়াৰ সুবিধা প্ৰদান কৰা। এইদৰে আল্লাহে বান্দাসকলক বাধ্যতামূলক তথা ওৱাজিব আমল প্ৰদান কৰিও ভাল পায়। কিয়নো আল্লাহে অৱকাশমূলক আৰু বাধ্যতামূলক দুয়ো ধৰণৰ আমলৰ নিৰ্দেশ দিছে।

فوائد الحديث

বান্দাসকলৰ প্ৰতি এইটো আল্লাহৰ কৰুণা, তেওঁ এইটো ভাল পায় যে, বান্দাসকলে সেইবোৰ বিধানক আমলত পৰিণত কৰক যিবোৰ তেওঁ চৰীয়তত অৱকাশ দি থৈছে।

এই চৰীয়তটো হৈছে পূৰ্ণাংগ চৰীয়ত। লগতে এই চৰীয়তত মুছলিমসকলৰ পৰা আল্লাহে সকলো কষ্টদায়ক আমল লাঘৱ কৰিছে।

التصنيفات

চৰীয়তি বিধান, Religious Assignment and its Conditions, চৰীয়তৰ উদ্দেশ্যাৱলী