إعدادات العرض
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক…
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Kiswahili Tiếng Việt ગુજરાતી Nederlands සිංහල پښتو नेपाली Кыргызча മലയാളം Svenska Română తెలుగు ქართული Moore Српски Magyar Português Македонски Čeština Українська Azərbaycan አማርኛالشرح
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গায়েৰ মাহৰাম নাৰীৰ প্ৰতি অনিচ্ছাকৃতভাৱে হঠাতে পৰা দৃষ্টিপাত সম্পৰ্কে সুধিলে, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক নিৰ্দেশ দিলে যে, লগে লগে বেলেগ ফালে মুখ ঘূৰাই ল'বা, ইয়াৰ ফলত কোনো গুনাহ নহ'ব।فوائد الحديث
দৃষ্টি সংযত ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
যিটোৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম, তেনেকুৱা বস্তুৰ প্ৰতি যদি অনিচ্ছাকৃতভাৱে আকস্মিক দৃষ্টি পৰে তেন্তে সেই দৃষ্টি অব্যাহত ৰখাৰ পৰা সতৰ্ক কৰা হৈছে।
নাৰীসকলৰ প্ৰতি দৃষ্টিপাত কৰাটো যে হাৰাম এই বিষয়টো চাহাবাসকলৰ ওচৰতো এটা পৰিচিত বিষয় আছিল। ইয়াৰ প্ৰমাণ জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৰ এই হাদীছ যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আকস্মিক নাৰী ওপৰত পৰা দৃষ্টি সম্পৰ্কে সুধিছিল যে, অনিচ্ছাকৃতভাৱে কোনো নাৰীৰ প্ৰতি দৃষ্টি পৰিলে তাৰ বিধান কি?
ইয়াত বান্দাসকলৰ স্বাৰ্থত চৰীয়তে অত্যন্ত গুৰুত্ব দিছে। এতেকে নাৰীসকলৰ প্ৰতি দৃষ্টিপাত কৰিবলৈ হাৰাম কৰিছে, কাৰণ ইয়াৰ ভিতৰত দ্বিনী আৰু দুনিয়াৱী ক্ষতি আছে।
চাহাবাসকলে যেতিয়াই কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল তেতিয়াই তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তাৰ সমাধান বিচাৰি গৈছিল। এইদৰে সাধাৰণ লোকেও উলামাসকলৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা উচিত যেতিয়া কোনো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়।
التصنيفات
আত্মশুদ্ধি