إعدادات العرض
আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।
আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Kurdî Tiếng Việt Magyar ქართული Kiswahili සිංහල Românăالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় স্থান হৈছে মছজিদ। কিয়নো এইটো হৈছে ইবাদতৰ ঘৰ আৰু ইয়াৰ ভেটি স্থাপন হৈছে তাক্বৱাৰ (আল্লাহভীতিৰ) ওপৰত। আনহাতে আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণিত স্থান হৈছে বজাৰ। কাৰণ ইয়াত বেছিভাগ সময়তে ঠগ-প্ৰৱঞ্চনা, প্ৰতাৰণা, সুত, মিছা শপত, প্ৰতিশ্ৰুতি ভংগ আৰু আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা ঘটনা সংঘটিত হৈ থাকে।فوائد الحديث
মছজিদৰ পৱিত্ৰতা আৰু মৰ্যাদা উল্লেখ হৈছে, কাৰণ মছজিদত আল্লাহৰ নামহে অধিক স্মৰণ হয়।
আল্লাহৰ মুহাব্বত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিয়মিত তথা সঘনাই মছজিদত যাবলৈ উৎসাহিত কৰা হৈছে। আনহাতে প্ৰয়োজন নহ'লে বজাৰত কম যাবলৈ কোৱা হৈছে, যাতে আল্লাহৰ অসন্তুষ্টিৰ কাৰণবোৰৰ পৰা বাচি থাকিব পাৰি।
ইমাম নাৱাৱীয়ে কৈছেঃ মছজিদ হৈছে সেই ঠাই, য'ত ৰহমত অৱতীৰ্ণ হয়, আনহাতে বজাৰ হৈছে ইয়াৰ বিপৰীত ঠাই।