তাওহীদুল আছমা অচ-ছিফাত

তাওহীদুল আছমা অচ-ছিফাত

2- নিশ্চয় আল্লাহে পুণ্য লিখি দিছে আৰু পাপসমূহও লিখি দিছে। ইয়াৰ পিছত তেওঁ তাৰ ব্যাখ্যা কৰি দিছে। যি ব্যক্তিয়ে কোনো নেকী কৰাৰ সংকল্প কৰে; কিন্তু তেওঁ সেইটো কর্মত বাস্তৱায়িত কৰিব পৰা নাই, তথাপিও আল্লাহ তা‘আলাই তাৰ কাৰণে (কেৱল নিয়ত কৰাৰ বিনিময়ত) এটি পূর্ণ নেকী লিখি দিয়ে। আনহাতে যদি তেওঁ সংকল্প কৰাৰ পিছত কামটো সম্পন্ন কৰে, তেনেহ’লে আল্লাহে তাৰ বিনিময়ত দহৰ পৰা সাতশ গুণ পৰ্যন্ত, বৰং তাতকৈও অধিক গুণ বেছি নেকী লিখি দিয়ে।