إعدادات العرض
নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় আল্লাহে তোমালোকৰ আকাৰ-আকৃতিৰ প্ৰতি নাচায়, বৰং তোমালোকৰ অন্তৰ আৰু আমলৰ প্ৰতিহে চায়।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە සිංහල دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek Moore नेपाली Oromoo Wolof Soomaali Български Українська Azərbaycan bm ქართული Македонски Ελληνικά ភាសាខ្មែរ Akan አማርኛ Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মহান আল্লাহে বান্দাসকলৰ শৰীৰ আৰু আকাৰ-আকৃতিৰ প্ৰতি গুৰুত্ব নিদিয়ে, সুন্দৰ নে কুৎসিত? সৰু নে ডাঙৰ? সুস্থ নে বেমাৰী? সিহঁতৰ ধন-সম্পদৰ প্ৰতিও গুৰুত্ব নিদিয়ে যে, সম্পদৰ পৰিমাণ কম আছিল নে বেছি আছিল? মহান আল্লাহে তেওঁৰ বান্দাসকলক এইবোৰ দুনিয়াবী বিষয়ত কম বেছি সম্পৰ্কে জবাবদিহি নকৰিব। বৰং সিহঁতৰ অন্তৰত থকা তাক্বৱা, য়াক্বীন, বিশ্বস্ততা আৰু ইখলাচ অনুযায়ীহে ফয়চালা কৰিব। অথবা সিহঁতৰ উদ্দেশ্যক প্ৰাধান্য দিব, কি উদ্দেশ্যত কৰ্মটো কৰিছিল, মানুহক দেখুৱাবলৈ নে গৌৰৱ অৰ্জন কৰিবলৈ। এইদৰে সিহঁতৰ আমলৰ প্ৰতিও তেওঁ গুৰুত্ব দিব, সঠিকভাৱে আমল কৰিছিল নে ভুল পদ্ধতিত কৰিছিল। সেইমতে তেওঁ সিহঁতক ছোৱাব প্ৰদান কৰিব তথা প্ৰতিদান দিব।فوائد الحديث
গতিকে আমি অন্তৰক সংশোধনৰ প্ৰতি গুৰুত্ব দিয়া উচিত, আৰু প্ৰতিটো বেয়া অভ্যাসৰ পৰা ইয়াক পৰিস্কাৰ কৰা উচিত।
ইখলাচৰ জৰিয়তে অন্তৰক সংশোধন কৰিব লাগে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ জৰিয়তে আমল সংশোধন কৰিব লাগে। এই দুটাকেই মহান আল্লাহে গুৰুত্ব দিয়ে তথা বিবেচনাযোগ্য বুলি গ্ৰহণ কৰে।
নিজৰ ধন-সম্পদ, সৌন্দৰ্য, শাৰীৰিক গঠন আৰু পাৰ্থিৱ জীৱনৰ কোনো বস্তুৱেই যেন মানুহক প্ৰৱঞ্চিত কৰিব নোৱাৰে।
আভ্যন্তৰীণ দিশক সংশোধন নকৰাকৈ বাহ্যিক দিশৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে।