إعدادات العرض
সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব,
সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব,
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সময় সংকুচিত নোহোৱালৈকে ক্বিয়ামত সংঘটিত নহ'ব, তেতিয়া বছৰ হ'ব মাহৰ দৰে, মাহ হ'ব সপ্তাহৰ দৰে, সপ্তাহ হ'ব দিনৰ দৰে, আৰু দিন হ'ব ঘণ্টাৰ দৰে, আৰু ঘন্টা হ'ব খেজুৰ গছৰ ঠাৰি এডালত থকা পাতবোৰ জ্বলি ছাই হ'বলৈ যিমান সময় লাগে সিমান।”
[ছহীহ] [(আহমদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá اردو Bahasa Indonesia ئۇيغۇرچە සිංහල हिन्दी Hausa Kiswahili پښتو دری Кыргызча or Tiếng Việt नेपाली Kinyarwanda తెలుగు Bosanski Lietuvių Română മലയാളം Nederlands Soomaali Српски Kurdî Українська Deutsch ಕನ್ನಡ Wolof Moore Shqip Português ქართული Azərbaycan 中文 Magyar فارسی Македонски தமிழ் বাংলা Русский Malagasy Oromoo Tagalog ไทยالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামতৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, ক্বিয়ামতৰ আগমূহুৰ্তত সময় সংকুচিত হৈ যাব। ফলত বছৰ মাহৰ দৰে পাৰ হৈ যাব। মাহ সপ্তাহৰ দৰে পাৰ হ'ব, সপ্তাহ এটা দিনৰ দৰে পাৰ হ'ব, দিন ঘণ্টাৰ দৰে পাৰ হ'ব, আনহাতে ঘণ্টা ইমান তেজ গতিত পাৰ হ'ব যে, খেজুৰৰ পাত পুৰি পেলাওঁতে যিমান সময় লাগে, ঘণ্টা সিমান সময়তে পাৰ হ'ব।فوائد الحديث
ক্বিয়ামতৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, ক্বিয়ামতৰ আগমূহুৰ্তত সময়ৰ বৰকত উঠাই লোৱা হ'ব আৰু ই তেজ গতিত পাৰ হ'ব।
التصنيفات
বাৰঝাখী জীৱন