যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।

যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ সন্মুখত যেতিয়াই ভাষণ দিছে তেতিয়াই কৈছে: "যিয়ে আমানত ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো ঈমান নাই, আৰু যিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে তাৰ কোনো দ্বীন নাই।"

[حسن لغيره] [(আহমদ)]

الشرح

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে ভাষণ দিওঁতে এই দুটা বিষয় উল্লেখ কৰিছিলঃ প্ৰথমঃ সেই ব্যক্তি কেতিয়াও পূৰ্ণাংগ ঈমানৰ অধিকাৰী হ'ব নোৱাৰে, যিয়ে আমানতত বিশ্বাসঘাতকতা কৰে, সম্পদৰ আমানত হওক বা নফছৰ অথবা পৰিয়াল পৰিজনৰ। দ্বিতীয়ঃ সেই ব্যক্তিৰ দ্বীন পৰিপূৰ্ণ নহয়, যিয়ে প্ৰতিশ্ৰুতি তথা অঙ্গীকাৰ ভংগ কৰে।

فوائد الحديث

আমানত ৰক্ষা কৰিবলৈ আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ এইবোৰ ভংগ কৰিলে ঈমান হ্ৰাস হয়।

বিশ্বাসঘাতকতা আৰু প্ৰতিশ্ৰুতি ভংগৰ বিষয়ত সতৰ্ক কৰা হৈছে। কাৰণ এইটো হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ।

হাদীছটোত আমানত ৰক্ষা কৰাকে আদি কৰি বান্দা আৰু আল্লাহৰ মাজত থকা অঙ্গীকাৰ পূৰণ কৰাক সামৰি লোৱা হৈছে। এইদৰে বান্দাসকলৰ পৰস্পৰৰ প্ৰতিশ্ৰুতিও ইয়াৰ অন্তৰ্ভুক্ত।

التصنيفات

প্ৰশংসনীয় চৰিত্ৰসমূহ