পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।

পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।

আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোৰ কান্ধত ধৰি কৈছেঃ "পৃথিৱীত এনেকৈ বসবাস কৰা যেনিবা তুমি এজন অচিনাকি ব্যক্তি বা এজন ভ্ৰমণকাৰী।" ইবনে ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাই কৈছেঃ "সন্ধিয়াত উপনীত হ’লে প্ৰভাতৰ অপেক্ষা নকৰিবা আৰু প্ৰভাতত উপনীত হ’লে সন্ধ্যিয়াৰ অপেক্ষা নকৰিবা। অসুস্থতাৰ আগতে সুস্থতাক কামত লগোৱা, আৰু মৃত্যুৰ আগতে জীৱিত অৱস্থাৰ পৰা (পাথেয়) সংগ্ৰহ কৰি লোৱা।"

[ছহীহ] [(বুখাৰী)]

الشرح

হাদীছটোত ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কান্ধত ধৰি কৈছিলঃ তুমি পৃথিৱীত এজন অচিনাকি ব্যক্তিৰ নিচিনাকৈ জীৱন যাপন কৰিবা, যিয়ে বেলেগ কোনো দেশৰ পৰা আহিছে, যাৰ আশ্ৰয় ল'ব পৰা ইয়াত কোনো ঘৰ নাই। যাৰ জীৱন হৈছে অঘৰী লোকৰ দৰে, লগত কোনো পৰিয়াল পৰিজনো নাই, যাৰ কাৰণে সৃষ্টিকৰ্তাৰ পৰা অমনোযোগী হ'বলগীয়া হয়। বৰং ইয়াতকৈ এখোপ আগবাঢ়ি তুমি পথহাৰা ভ্ৰমণকাৰীৰ দৰে জীৱন যাপন কৰিবা, যিয়ে নিজৰ ঘৰৰ সন্ধানত ভ্ৰমণ কৰে। আৰবীত গাৰীব কোৱা হয় বিদেশত অচিনাকি হৈ জীৱন যাপন কৰা আৰু আবিৰু ছাবীল কোৱা হয়, স্বদেশ বিচাৰি কৰা ভ্ৰমণকাৰীক। ভ্ৰমণকাৰীয়ে নিজৰ লগত কেৱল সেইখিনি সম্বল লৈ ফুৰে যিখিনি তেওঁৰ ভ্ৰমণত প্ৰয়োজন, ইয়াতকৈ বেছি একো নলয়। ঠিক সেইদৰে মুমিন ব্যক্তিয়ে নিজৰ প্ৰকৃত গন্তব্যস্থলত যাবলৈ কেৱল ইমানখিনি পাৰ্থিৱ বস্তু আহৰণ কৰিবলৈ চেষ্টা কৰা উচিত যিখিনি তেওঁৰ প্ৰয়োজনীয়। ইবনু ওমৰে এই উপদেশৰ ওপৰত আমল কৰিছিল আৰু তেওঁ কৈছেঃ পুৱাৰ ভাগত উপনীত হ'লে সন্ধিয়াৰ অপেক্ষা নকৰিবা আৰু সন্ধিয়াত উপনীত হ'লে প্ৰভাতৰ কাৰণে অপেক্ষা নকৰিবা। নিজকে কবৰৰ অধিবাসীৰ সৈতে গণনা কৰিবা। কাৰণ বেমাৰ-আজাৰ আৰু সুস্থতাৰ সমষ্টিয়ে হৈছে আয়ু। গতিকে বেমাৰ-আজাৰ হোৱাৰ আগতে সুস্থ অৱস্থাত বেছি বেছি ইবাদত কৰা। এইদৰে অসুস্থ হোৱাৰ আগতে নেক আমলৰ জৰিয়তে সুস্থতাৰ সদ্ব্যৱহাৰ কৰা। পাৰ্থিৱ জীৱনক সৎকৰ্মত নিয়োগ কৰা। ইয়াত কেৱল সেই কাম কৰা যিটোৱে মৃত্যুৰ পিছত তোমাক উপকৃত কৰিব।

فوائد الحديث

শিক্ষকে ছাত্ৰক শিকোৱাৰ সময়ত তাক উৎসাহিত কৰিবলৈ তথা সতৰ্ক কৰিবলৈ তাৰ কান্ধত হাত ৰখা উচিত।

সেই ব্যক্তিকো প্ৰথমে উপদেশ আৰু দিশ-নিৰ্দেশনা দিয়া উচিত, যিয়ে এইটো নিবিচাৰে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশিক্ষণ পদ্ধতি অত্যন্ত প্ৰশংসনীয় আছিল, তেখেতে উপযুক্ত উদাহৰণৰ জৰিয়তে বুজাই দিছিল। যেনে- তেখেতে কৈছেঃ "পৃথিৱীত এনেকৈ জীৱন-যাপন কৰা, যেনিবা তুমি এজন অচিনাকি অঘৰী ব্যক্তি অথবা ভ্ৰমণত থকা ব্যক্তি।"

আখিৰাতৰ প্ৰতি ভ্ৰমণৰ ক্ষেত্ৰত মানুহৰ শ্ৰেণী বিভিন্ন ধৰণৰ। পৃথিৱীৰ মোহ-মায়া পৰিত্যাগৰ ক্ষেত্ৰত অচিনাকি অঘৰী লোকৰ তুলনাত ভ্ৰমণকাৰীৰ ধাপ সৰ্বোচ্চ।

আশা-আকাংখা সীমিত ৰখা আৰু মৃত্যুৰ বাবে প্ৰস্তুতি লোৱা।

হাদীছটোৰ দ্বাৰা এইটো বুজোৱা হোৱা নাই যে, জীৱিকা উপাৰ্জন কৰা পৰিত্যাগ কৰিব লাগে তথা পাৰ্থিৱ উপভোগ্য সামগ্ৰী হাৰাম। বৰং পাৰ্থিৱ সামগ্ৰীৰ প্ৰতি থকা লোভ-লালসা এৰি আখিৰাতমুখী হ'বলৈ উৎসাহিত কৰা হৈছে।

অক্ষম হোৱাৰ আগতে নেক আমল সোনকালে কৰা উচিত। অন্যথা বেমাৰ-আজাৰে অথবা মৃত্যুৱে প্ৰাচীৰ হিচাপে থিয় দিব পাৰে।

আব্দুল্লাহ বিন ওমৰৰ ফজীলত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই উপদেশৰ দ্বাৰা প্ৰভাৱিত হৈ ইয়াৰ প্ৰতি আমল কৰিছিল।

মুমিনসকলৰ প্ৰকৃত বাসস্থান হৈছে জান্নাত, পৃথিৱীত তেওঁলোক হৈছে অচিনাকি ব্যক্তিৰ দৰে। মুমিন ব্যক্তি হৈছে আখিৰাতৰ প্ৰতি ভ্ৰমণকাৰী। গতিকে অচিনাকি দেশত তেওঁৰ অন্তৰ কেতিয়াও মোহিত নহয়। বৰং তেওঁ সদায় নিজৰ প্ৰকৃত বাসস্থান সম্পৰ্কে চিন্তা কৰে, য'ত তেওঁ উভতি যাব লাগিব। পৃথিৱীৰ জীৱন হৈছে তেওঁৰ প্ৰয়োজন পূৰণৰ কাৰণে, তথা নিজৰ প্ৰকৃত বাসস্থানলৈ উভতি যোৱাৰ বাবে সম্বল একত্ৰিত কৰাৰ কাৰণে।

التصنيفات

আত্মশুদ্ধি