যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই…

যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।"

[ছহীহ] [(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)]

الشرح

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে কোনো মুছলিম বেমাৰী ব্যক্তিক চাবলৈ যায়, যিয়ে মৃত্যুশয্যাত উপনীত হোৱা নাই, তেনেকুৱা ব্যক্তিক চাবলৈ গৈ যদি উক্ত দুআটো সাতবাৰ পাঠ কৰে, তেন্তে আল্লাহে তাক সেই বেমাৰৰ পৰা সুস্থ কৰি দিয়ে তথা আৰোগ্য প্ৰদান কৰে।

فوائد الحديث

বেমাৰী ব্যক্তিৰ বাবে এই দুআটো পাঠ কৰা মুস্তাহাব। তথা সাতবাৰ পাঠ কৰিব লাগে।

যদি কোনোবাই সততাৰ সৈতে সঠিক ঈমানৰ সৈতে এই দুআটো পাঠ কৰে, তেন্তে আল্লাহৰ অনুমতিক্ৰমে নিশ্চিতভাৱে সেই বেমাৰীয়ে শ্বিফা লাভ কৰিব।

এই দুআটো উচ্চস্বৰেও পঢ়িব পাৰে আৰু নিম্নস্বৰেও পঢ়িব পাৰে। উভয়ভাৱেই জায়েজ। কিন্তু বেমাৰীক শুনাই পাঠ কৰাটো উত্তম। কাৰণ ইয়াৰ ফলত তেওঁ আন্তৰিকভাৱে স্বস্তি লাভ কৰিব।

التصنيفات

শ্বাৰয়ী জৰা-ফুঁকা