যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।

যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।

আবু মাছঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।"

[صحيح] [متفق عليه]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পৰিয়ালৰ লোকসকলৰ ওপৰত ব্যয় কৰে যেনে- স্ত্ৰী, মাতা-পিতা, সন্তান-সন্ততি আদিৰ ওপৰত, যিসকলৰ ওপৰত ব্যয় কৰাটো তাৰ কৰ্তব্য, যদি সি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তথা ছোৱাব অৰ্জনৰ নিয়্যতেৰে কৰে তেন্তে সি নিশ্চয় চাদাক্বা কৰাৰ ছোৱাব লাভ কৰিব।

فوائد الحديث

পৰিয়ালৰ ওপৰত ব্যয় কৰিলেও ছোৱাব পোৱা যায়।

মুমিন ব্যক্তিয়ে নিজৰ প্ৰতিটো কাম আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তথা আল্লাহৰ ওচৰত থকা ছোৱাব অৰ্জন কৰিবলৈহে কৰে।

পৰিয়ালৰ ওপৰত ব্যয় কৰাকে আদি কৰি প্ৰতিটো নেক কৰ্ম কৰাৰ সময়ত সঠিক নিয়্যত পোষণ কৰা জৰুৰী।

التصنيفات

পাৰিবাৰিক খৰচ