إعدادات العرض
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে।
চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Moore Soomaali Wolof Français Azərbaycan Tagalog Українська தமிழ் Deutsch bm ქართული Português Македонски Magyar Русский 中文 فارسی ភាសាខ្មែរ Malagasy Oromooالشرح
হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া প্ৰথম অহী অৱতীৰ্ণ হৈছে তথা তেখেতক যেতিয়া নুবুওৱত প্ৰদান কৰা হৈছে তেতিয়া তেখেতৰ বয়স আছিল চল্লিশ বছৰ। অহী লাভ কৰাৰ পিছত তেখেতে মক্কাত ১৩ বছৰ অৱস্থান কৰিছিল। ইয়াৰ পিছত তেখেতক মদীনালৈ হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াত আহি তেখেতে ১০ বছৰ সময় অৱস্থান কৰাৰ পিছত ৬৩ বছৰ বয়সত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হয়।فوائد الحديث
হাদীছটোৰ দ্বাৰা বুজা যায় যে, চাহাবাসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী সম্পৰ্কে খুবেই আগ্ৰহী আছিল।