إعدادات العرض
আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত…
আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত নহয়।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত নহয়।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල ئۇيغۇرچە Kurdî Hausa Português മലയാളം မြန်မာ Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands తెలుగు Kiswahili தமிழ் دری Кыргызча Lietuvių Kinyarwanda नेपाली or ಕನ್ನಡ Română Soomaali Српски Wolof Українська Moore Azərbaycan ქართული Magyar Македонски bm አማርኛ Български Malagasy Oromooالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা আহাৰ উপস্থিত হোৱাৰ পিছত নামাজ পঢ়িবলৈ নিষেধ কৰিছে যি খাদ্যৰ প্ৰতি মুচল্লীৰ আগ্ৰহ অধিক, কাৰণ এনেকুৱা অৱস্থাত নামাজ আৰম্ভ কৰিলে মুচল্লীৰ মনত বাৰে বাৰে সেই খাদ্যৰ কথাই মনত পৰিব। এইদৰে শৌচ-প্ৰস্ৰাৱৰ চাপ সৃষ্টি হ'লে সেই অৱস্থাতো নামাজ পঢ়িবলৈ নিষেধ কৰিছে, কাৰণ এনেকুৱা অৱস্থাত মুচল্লীয়ে নামাজতকৈ চাপ চম্ভালিবলৈহে বেছি মনোযোগ দিব।فوائد الحديث
মুচল্লীয়ে নামাজ আৰম্ভ কৰাৰ আগতে সেই সকলো কামৰ পৰা মুক্ত হোৱা উচিত, যিবোৰ কামে তাক নামাজত অসুবিধা দিব।
التصنيفات
মুচল্লীসকলৰ কিছুমান ভুল