إعدادات العرض
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও…
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
[হাছান] [(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)]
الترجمة
العربية Bosanski English Español فارسی Français Indonesia Русский Türkçe اردو 中文 हिन्दी Hausa Kurdî Tiếng Việt Nederlands Kiswahili ગુજરાતી සිංහල Magyar ქართული Română ไทย Português मराठी ភាសាខ្មែរ دری አማርኛ বাংলা Македонски తెలుగు Tagalog Українська ਪੰਜਾਬੀ മലയാളം Moore ಕನ್ನಡ پښتوالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৈঠকত যেতিয়া কোনো ব্যক্তিয়ে প্ৰৱেশ কৰে তেতিয়া তেওঁ উপস্থিত লোকসকলক ছালাম কৰা উচিত। এইদৰে যেতিয়া বৈঠক এৰি গুচি যাব তেতিয়াও ছালাম কৰা উচিত। যোৱাৰ সময়ত দিয়া ছালামতকৈ অহাৰ সময়ত দিয়া ছালামটো বেছি গুৰুত্বপূৰ্ণ নহয়।فوائد الحديث
ছালাম প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
বৈঠকত উপস্থিত হোৱাৰ সময়ত আৰু বৈঠকৰ পৰা প্ৰস্থান কৰাৰ সময়ত ছালাম কৰিবলৈ উৎসাহিত কৰা হৈছে।
ছিন্ধীয়ে কৈছেঃ হাদীছৰ এই বাণী (যেতিয়া তোমালোকে প্ৰস্থান কৰা) অৰ্থাৎ বৈঠকৰ পৰা, (فليس الأول بأحق) অৰ্থাৎ দুয়োটা আমলেই ছুন্নত আৰু সমপৰ্যায়ৰ আমল, প্ৰথমটোৰ ওপৰত আমল কৰি দ্বিতীয়টোক ত্যাগ কৰাৰ কোনো কাৰণ নাই।
التصنيفات
ছালাম আৰু অনুমতি লোৱাৰ শিষ্টাচাৰ