إعدادات العرض
যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই…
যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিম।
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে মোক মুখৰ দুই পাৰিৰ মাজত থকা জিভাৰ আৰু দুই ভৰিৰ মাজত থকা লজ্জাস্থান সুৰক্ষিত ৰখাৰ নিশ্চয়তা প্ৰদান কৰিব, তাক মই জান্নাতৰ নিশ্চয়তা প্ৰদান কৰিম।
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල Kurdî Hausa Português മലയാളം తెలుగు မြန်မာ Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە Kiswahili தமிழ் ไทย دری Akan Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська bm km rn ქართული Македонски Српски Ελληνικά አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যদি এজন মুছলিমে এই দুটা বস্তুক সুৰক্ষিত ৰাখে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব। প্ৰথমটো হৈছে, এনেকুৱা কথাৰ পৰা জিভাক সুৰক্ষিত ৰখা, যি কথা ক'লে আল্লাহ অসন্তুষ্ট হয়। দ্বিতীয়টো হৈছে, অশ্লীলতাত লিপ্ত হোৱাৰ পৰা লজ্জাস্থানক সুৰক্ষিত ৰখা। কাৰণ এই দুটা অংগৰ জৰিয়তেই অধিক গুনাহ সংঘটিত হয়।فوائد الحديث
জিভা আৰু লজ্জাস্থানক হিফাজত কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়।
জিভা আৰু লজ্জাস্থানক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, দুনিয়া আৰু আখিৰাতত এই দুটাই হৈছে মানুহৰ বিপদৰ আটাইতকৈ ডাঙৰ উৎস।
التصنيفات
জান্নাত আৰু জাহান্নামৰ বৈশিষ্ট্যসমূহ