জান্নাত আৰু জাহান্নামৰ বৈশিষ্ট্যসমূহ

জান্নাত আৰু জাহান্নামৰ বৈশিষ্ট্যসমূহ

11- জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'বঃ এতিয়াৰ পৰা তোমালোকে সদায় সু-স্বাস্থ্যৱান হৈ থাকিবা, তোমালোকক কেতিয়াও বেমাৰ-আজাৰে স্পৰ্শ নকৰিব। তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, তোমালোকৰ কেতিয়াও মৃত্যু নহ'ব। তোমালোকে সদায় যৌৱন অৱস্থাত থাকিবা, কেতিয়াও বৃদ্ধা অৱস্থাত উপনীত নহ'বা। তোমালোকে নিৰৱচ্ছিন্ন সুখ শান্তিত থাকিবা, কেতিয়াও অভাৱ অনাটনে তোমালোকক স্পৰ্শ নকৰিব।

15- হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।