إعدادات العرض
জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।
জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල ئۇيغۇرچە Kurdî Hausa Português മലയാളം မြန်မာ Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands తెలుగు Kiswahili தமிழ் دری Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek Akan नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська bm km rn ქართული Македонски Српски Ελληνικά አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, জাহান্নামক মনে বিচৰা আকৰ্ষণীয় হাৰাম কামেৰে আৰু ওৱাজিব কৰ্মক অৱহেলা কৰা আদি বিষয়েৰে পৰিবেষ্টন কৰি ৰখা হৈছে। গতিকে যিয়ে প্ৰবৃত্তিৰ ইচ্ছাৰ অনুসৰণ কৰিব, সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে জান্নাতক মনে নিবিচৰা কৰ্মৰে পৰিবেষ্টন কৰি ৰখা হৈছে। যেনে- বিধি-বিধান পালন কৰা, হাৰাম কাম বৰ্জন কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা আদি কামেৰে। যদি কোনোবাই সহ্য কৰে আৰু মনৰ সৈতে সংগ্ৰাম কৰি এইবোৰ কৰ্ম পালন কৰে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব।فوائد الحديث
গুনাহৰ কৰ্মত পতিত হোৱাৰ অন্যতম এটা কাৰণ হৈছে এই যে, চয়তানে মানুহক বেয়া তথা অসৎকৰ্মবোৰ সু-সজ্জিত কৰি দেখুৱায়, যাৰ ফলত নফছে ইয়াক ভাল বুলি দেখি সেইপিনে ধাৱিত হয়।
হাৰাম চাহিদাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, কাৰণ সেইটো হৈছে জাহান্নামত যোৱাৰ পথ। আনহাতে দুখ-কষ্ট আৰু বিপদত ধৈৰ্য্য ধাৰণ কৰিব লাগে, কাৰণ এইটো হৈছে জান্নাতত যোৱাৰ পথ।
ইবাদতৰ ক্ষেত্ৰত নফছৰ সৈতে সংগ্ৰাম কৰাৰ ফজিলত, লগতে দুখ-কষ্ট আৰু নেক কামক আগুৰি ৰখা কঠিন সমস্যাসমূহত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।
التصنيفات
জান্নাত আৰু জাহান্নামৰ বৈশিষ্ট্যসমূহ