إعدادات العرض
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক…
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে, মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Türkçe اردو 中文 हिन्दी Tagalog ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Русский Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල دری Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek Akan नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська bm ភាសាខ្មែរ rn ქართული Македонски Српски Ελληνικά Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও সি কিছুমান গুনাহৰ কাৰণে শাস্তি পাব পাৰে। আনহাতে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিব সি জাহান্নামত চিৰস্থায়ী হ'ব।فوائد الحديث
তাওহীদৰ গুৰুত্ব বুজোৱা হৈছে, তাওহীদ হৈছে জাহান্নামত চিৰস্থায়ী হোৱাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায়।
জান্নাত আৰু জাহান্নাম বান্দাৰ নিচেই ওচৰত। বান্দাৰ মাজত আৰু জান্নাত-জাহান্নামৰ মাজত প্ৰাচীৰ হৈছে কেৱল মৃত্যু।
কম হওক বা বেছি সকলো প্ৰকাৰৰ শ্বিৰ্কৰ পৰা সতৰ্ক কৰা হৈছে। কাৰণ ইয়াৰ পৰা আঁতৰি থাকিলেহে জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ।
শেষ অৱস্থাৰ আমলেই হৈছে বিবেচ্য বিষয়।